নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিডিচিএলৰ কৰ্মীক মাৰপিটৰ ঘটনাত অভিযুক্ত আশ্ৰাফক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৬ আগষ্ট : বৃহস্পতিবাৰে বিদ্যুৎ চুৰিৰ ঘটনা ৰোধ কৰিবলৈ যোৱা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)ৰ ধুবুৰী জিলাৰ গৌৰীপুৰ উপ-সংমণ্ডলৰ এছডিইসহ বিভাগটোৰ দুগৰাকীকৈ দৈনিক হাজিৰাৰ শ্ৰমিকক নিৰ্মমভাৱে মাৰপিট কৰা ঘটনাত জড়িত থকাৰ অভিযোগত আশ্ৰাফ আলী নামৰ আন এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, আৰক্ষীয়ে কালি মাজনিশা ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ধৰ্মশালাত অভিযান চলাই আত্মগোপন কৰি থকা আশ্ৰাফ আলীক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত দুমৰদহ চতুৰ্থ খণ্ড অঞ্চলত এপিডিচিএলৰ তিনিজনীয়া দল এটাৰ ওপৰত আক্ৰমণৰ ঘটনাত জড়িত থকা আন এগৰাকী মূল অভিযুক্ত হাফিজুৰ ৰহমানকে ধৰি এতিয়ালৈ মুঠ ৬গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। স্মৰ্তব্য যে, নিয়মবহিৰ্ভূতভাৱে হুকিং কৰি পানীৰ পাম্প চলাই থকা বুলি পোৱা এক তথ্যৰ ভিত্তিত এপিডিচিএলৰ গৌৰীপুৰ উপ-সংমণ্ডলৰ এছডিই মঞ্জুৰুল হকে বৃহস্পতিবাৰৰ বিয়লিৰ ফালে ধুবুৰীৰ গৌৰীপুৰৰ দুমৰদহ চতুৰ্থ খণ্ড অঞ্চলত এক অভিযান চলাইছিল। দুগৰাকী দৈনিক হাজিৰাৰ শ্ৰমিক মফিদুল হক আৰু ৰফিকুল হকক লগত লৈ এছডিইগৰাকীয়ে চলোৱা সেই অভিযানত অঞ্চলটোৰ আশ্ৰাফ আলীৰ গৃহকে ধৰি ৫টাকৈ পানীৰ মটৰ নিয়মবহিৰ্ভূতভাৱে হুকিং কৰি চলাই থকাৰ বিষয়টো উন্মোচিত হৈছিল। অভিযোগ অনুসৰি, এছডিই মঞ্জুৰুল হকে আশ্ৰাফ আলীৰ ওচৰত বিভাগীয় বিদ্যুৎ বিল বিচৰাৰ পিছত ব্যক্তিজনে এছডিইগৰাকীক গালি-শপনি দিয়াৰ সমান্তৰালকৈ অকষ্মাতে তেওঁৰ হাতৰ মোবাইলটো কাঢ়ি নিছিল। ইয়াৰ মাজতে একাংশ লোকে অকষ্মাতে এছডিই মঞ্জুৰুল হক আৰু তেওঁৰ লগত যোৱা দিনহাজিৰাৰ সেই দুই শ্ৰমিকক নিৰ্মমভাৱে মাৰপিট কৰিবলৈ আৰম্ভ কৰিছিল। বিষয়টো অৱগত হৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছত গুৰুতৰভাৱে আহত অৱস্থাত এপিডিচিএলৰ সেই তিনিজনীয়া দলটোৰ কথমপি প্ৰাণৰক্ষা পৰিছিল। বিষয়টো অৱগত হৈ সেই মাৰপিটৰ ঘটনাৰ সৈতে জড়িত থকাসকলক কৰায়ত্ত কৰিবলৈ ধুবুৰী আৰক্ষীক কঠোৰ নিৰ্দেশ দিছিল অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে। ইপিনে, ঘটনাৰ দিনাই অৰ্থাৎ বৃহস্পতিবাৰে এছডিই মঞ্জুৰুল হকে ধুবুৰী জিলাৰ গৌৰীপুৰ থানাত আশ্ৰাফ আলী, মজিদুৰ শেখ, আফিজুৰ ৰহমান, হাফিজুৰ, নীলু শেখ আৰু অন্যান্যই তেওঁলোকৰ তিনিজনীয়া দলটোক ফলা খৰিৰে নিৰ্মমভাৱে মাৰপিট কৰা বুলি এখন এজাহাৰ দাখিল কৰিছিল। এছডিইগৰাকীয়ে দাখিল কৰা এজাহাৰখন ভাৰতীয় দণ্ডবিধি আইনৰ বিভিন্ন ধাৰাত পঞ্জীয়ন কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে। সেই মাৰপিটৰ ঘটনাত জড়িত থকাৰ অভিযোগত এতিয়ালৈ আৰক্ষীয়ে আশ্ৰাফ আলী, হাফিজুৰ ৰহমান, ছামছুল হক, মইনুল হক, ৰসিদুল ইছলাম আৰু মোস্তাকিম ৰহমান নামৰ ৬জনক গ্ৰেপ্তাৰ কৰিছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

 

You might also like