নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ ঘটনাৰ সাহায্য-পুনৰ্বাসনৰ কাম চাবলৈ কমিটী গঠন SCৰ

বিশেষ বাৰ্তা, ৭ আগষ্টঃ মণিপুৰ হিংসাৰ গোচৰ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। আদালতে সাহায্য আৰু পুনৰ্বাসনৰ কাম চোৱাচিতা কৰিবলৈ প্ৰাক্তন ন্যায়াধীশৰ এখন কমিটী গঠন কৰিছে। ইয়াৰ লগতে চিবিআইৰ তদন্তৰ তদাৰক কৰিবলৈ এজন প্ৰাক্তন বিষয়াক নিযুক্তি দিয়া হৈছে। চি জি আই ডি ৱাই চন্দ্ৰচুড়ে নিৰ্দেশ দিয়ে যে চি বি আইৰ তদন্তৰ তদাৰক কৰিব মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত দত্তত্ৰেয় পাটছালগিকৰে। উচ্চ ন্যায়ালয়ৰ ৩গৰাকী প্ৰাক্তন ন্যায়াধীশৰ এখন কমিটী গঠন কৰি সাহায্য আৰু পুনৰ্বাসনৰ ক্ষেত্ৰত পৰামৰ্শ দিব লাগে বুলি চি জে আইয়ে কয়। য’ত গীতা মিত্তল, শালিনী যোশী আৰু আশা মেননক অন্তৰ্ভুক্ত কৰা হ’ব। ইয়াৰ নেতৃত্বত থাকিব উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ গীতা মিট্টল। ইয়াৰ পূৰ্বে শুনানিৰ সময়ত এটৰ্নী জেনেৰেল ভেংকটাৰমণীয়ে কয় যে ৬৫০০ এফআইআৰ গোপনীয় কৰি আদালতত উপলব্ধ কৰা হৈছে। আমি বিষয়টো অতি পৰিপক্কভাৱে চোৱাটো প্ৰয়োজন। আমি বিভিন্ন ধৰণৰ এছ আই টি গঠনৰ পৰামৰ্শ দিছো। তেওঁ কয় যে হত্যাকাণ্ডৰ গোচৰৰ তদন্ত কৰা এছ আই টিৰ নেতৃত্বত থাকিব এজন এছ পি ৰেংক বিষয়া। এগৰাকী জ্যেষ্ঠ মহিলা বিষয়াৰ নেতৃত্বত SIT গঠন কৰি মহিলাৰ সৈতে হোৱা অসৎ আচৰণৰ গোচৰৰ তদন্ত কৰা হ’ব। একেদৰে আন এছ আই টিও আছে। তেওঁলোকৰ পৰা ৰিপৰ্ট ল’ব ডি আই জিয়ে। ডিজিপিয়েও প্ৰতি ১৫ দিনৰ মূৰে মূৰে পুনৰীক্ষণ কৰিব। অধিবক্তাগৰাকীয়ে কয় যে হিংসাৰ দ্বাৰা অধিক প্ৰভাৱিত প্ৰতিখন জিলাতে ৬টা এছআইটি গঠন কৰা হ’ব। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ত কয় যে পূৰ্বে চিবিআইক গতাই দিয়া ১১টা গোচৰৰ তদন্ত কেৱল চিবিআইয়েহে কৰিব। মহিলা সম্পৰ্কীয় গোচৰৰ তদন্তত চিবিআইৰ মহিলা বিষয়াসকলো জড়িত হ’ব। শুনানিৰ সময়ত জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়ছিঙে কয় যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এছ আই টি গঠন কৰিব লাগে। মহিলা সমাজকৰ্মীৰ উচ্চ পৰ্যায়ৰ আয়োগও গঠন কৰি ক্ষতিগ্ৰস্ত মহিলাসকলৰ সৈতে কথা পাতিব লাগে। এই সন্দৰ্ভত অধিবক্তাই কয় যে তেওঁক ন্যস্ত স্বাৰ্থই ৰখাইছে, যাতে চৰকাৰক ব্যৰ্থ বুলি ক’ব পাৰি। পৰিকল্পিতভাৱে পৰিস্থিতি জটিল কৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে। একে সময়তে উকীলজনে কয় যে দুদিন আগতেও এটা কাণ্ড সংঘটিত হৈছিল। প্ৰতিবাৰেই উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পূৰ্বে কোনোবা নহয় কোনোবা ঘটনা সংঘটিত হয়। উকীলজনে কয় যে সঁচাকৈয়ে এইটো কাকতলীয়া কথা নেকি ক’ব নোৱাৰে। ৰাজ্য চৰকাৰক বিশ্বাস কৰিবলৈ অনুৰোধ জনালোঁ। লগতে যদি আপুনি উচ্চ ক্ষমতা সমিতি গঠন কৰিছে তেন্তে তাত সমাজকৰ্মী নহয়, প্ৰাক্তন ন্যায়াধীশক ৰাখক। এই সন্দৰ্ভত চিজেআইয়ে কয় যে জনসাধাৰণৰ আস্থা বৃদ্ধি কৰাটো আমাৰ প্ৰচেষ্টা। আমি ৩জন প্ৰাক্তন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ এখন সমিতি গঠন কৰাৰ কথা চিন্তা কৰিছো যিয়ে সাহায্য আৰু পুনৰ্বাসনৰ কাম চোৱাচিতা কৰিব। প্ৰাক্তন ন্যায়াধীশ সমিতিৰ নেতৃত্বত থাকিব জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ গীতা মিত্তাল, আন ২জন সদস্য হ’ব ন্যায়াধীশ শালিনী যোশী আৰু আশা মেনন। চি জে আই ডি ৱাই চন্দ্ৰচুদে আৰু কয় যে ১১টা এফ আই আৰ চি বি আইলৈ বদলি হৈছে, আমি তাত হস্তক্ষেপ নকৰো, কিন্তু আমি নিৰ্দেশ দিম যে চি বি আই দলৰ কমেও ৫ জন বিষয়া ডেপুটি এছ পি বা এছ পি ৰেংকৰ হ’ব লাগে। এই বিষয়াসকল আন ৰাজ্যৰ আৰক্ষীৰ হ’ব লাগে, কিন্তু স্থানীয় লোকৰ লগত হিন্দীত কথা পাতিব পাৰিব। চিবিআইৰ তদন্তৰ তদাৰক কৰিব মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত দত্তত্ৰেয় পাটছালগিকৰে।তেওঁ কয় যে ৰাজ্য চৰকাৰে ৪২ টা এছ আই টি বনোৱাৰ কথা কৈছে। আমি বিচাৰো যে প্ৰতিটো এছ আই টিত অন্ততঃ এজন পৰিদৰ্শক সদস্য হিচাপে থাকিব লাগে, যিজন আন এখন ৰাজ্যৰ আৰক্ষীৰ পৰা হ’ব। অন্য ৰাজ্যৰ পৰা ডি আই জি ৰেংকৰ ৬ জন বিষয়া থাকিব লাগে, যিয়ে ৪২খন এছ আই টিৰ কাম তদাৰক কৰিব।

You might also like