নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুধনৈ-দামৰা ৰোডত ভয়াৱহ পথ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ গোৱালপাৰাৰ দুধনৈৰ দামৰা ৰোডত নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত এজন বাইক আৰোহীসহ ৫ পথচাৰী গুৰুতৰভাৱে আহত হয় ৷ দুধনৈ-দামৰাৰ ২১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাচাৰাত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটি ৷ দুধনৈৰ পৰা দামৰা দিশে গৈ থকা AS-18L-7684 নম্বৰৰ তীব্ৰ বেগী বাজাজ প্লেটিনা বাইকখনে ৰাষ্ট্ৰীয় ঘাইপথৰে খোজকাঢ়ি ঘৰলৈ গৈ থকা ৫ গৰাকী পথচাৰীক খুন্দিযায় ৷ ফলত আটাই কেইজন পথচাৰী পথৰ কাষত বাগৰি গুৰুতৰভাৱে আহত হয়৷ জানিবপৰা মতে, আঘাতপ্ৰাপ্ত যুৱক সকল দুধনৈ বাখ্ৰাখুটিত এখন ফাৰ্নিচাৰ হাউছৰ কৰ্মচাৰী আছিল ৷ দোকান বন্ধ কৰি নিজ ঘৰলৈ গৈ থকা সময়তে এই শোকাৱহ পথ দুৰ্ঘটনাটি সংঘটিত হয় ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত আহত সকলক উদ্ধাৰ কৰি দুধনৈ চিকিৎসালয়ত ভৰ্তি কৰায় ৷ যদিও উন্নত চিকিৎসাৰ বাবে আটাইকে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে৷ দুৰ্ঘটনাত পতিত বাইক চালক দামৰাৰ ভিজেয়াৰ চাংমা (২৬) ৰ অৱস্থাত সংকটজনক বুলি জানিবপৰা গৈছে ৷ আনহাতে আহত সকল ক্ৰমে- দুধনৈৰ মিঠুন সূত্ৰধৰ (৩৫), ৰাজু দাস (৪১), নগৰবেৰাৰ মিলন দাস (১৮), সুজন দাস (১৯) আৰু গজেন্দ্ৰ মালিক (১৪) ৷

প্ৰেৰক বেনজিন বড়ো

You might also like