নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

নিয়মীয়া বাৰ্তা, ৭ আগষ্ট : মৰিগাঁৱৰ লাহৰীঘাটত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই। আজি মন্ত্ৰীগৰাকীয়ে লাহৰীঘাটৰ টেঙাগুৰি কছাৰী গাঁও আৰু বৰহলৌকান্দাত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। উল্লেখ্য যে যোৱা কেইদিন ধৰি এই অঞ্চল দুটাত লুইতৰ গৰাখহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰি নৈপৰীয়া ৰাইজক আতংকিত কৰি তুলিছে। ইতিমধ্যে এই গৰাখহনীয়াত টেঙাগুৰি কছাৰী গাঁৱৰ আৰু বৰহলৌকান্দাত প্ৰায় শতাধিক পৰিয়াল গৃহহীন হৈছে। আজিও অব্যাহত আছে লুইতৰ খহনীয়াৰ বিধ্বংসী তাণ্ডৱ। তাৰ মাজতে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী হাজৰিকাই। খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কালত স্হানীয় ৰাইজৰ লগত মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে । খহনীয়াক অস্থায়ী প্ৰতিৰোধৰ বাবে কাম কৰাৰ নিৰ্দেশ দিয়ে। ইতিমধ্যে এ ডি বিৰ ধনৰে ডিচেম্বৰৰ ভিতৰত লাহৰীঘাট অঞ্চলৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰা হব বুলি মন্ত্ৰী পীযুষ হাজৰিকাই জানিবলৈ দিয়ে। উল্লেখ্য যে যোৱা তিনি দিন ধৰি টেঙাগুৰি কছাৰী গাঁৱত জিলা জলসম্পদ বিভাগে জিঅ বেগেৰে খহনীয়া ৰোধৰ কাম অব্যাহত ৰাখিছে।

 

প্ৰেৰক আবুল কালাম

You might also like