নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিড়িৰ পেকেটত বিহু : অসমীয়াৰ ‘আৱেগ’ক পদাঘাত পশ্চিমবংগৰ বণিয়াৰ

নিয়মীয়া বাৰ্তা, ৭ আগষ্ট : অসমৰ জাতীয় জীৱনৰ আয়ুসৰেখা, স্বাভিমান আৰু বাপতিসাহোন বিহুক লৈ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কেতবোৰ ব্যৱসায় প্ৰতিষ্ঠানে নিজৰ মুনাফা লাভৰ বাবে চৰম ভেঙুচালি কৰিছে। স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বুলি চৰকাৰে সতৰ্ক বাণী জাৰি কৰা ৰাগিয়াল দ্ৰব্য বিড়িৰ পেকেটত অসমীয়া সংস্কৃতিক বিশ্বৰ বুকুত উজ্বলাই ৰখা বিহু নৃত্যৰ ফটো ব্যৱহাৰ কৰি অসমৰ জাতীয় স্বাভিমানক চৰম অপমান কৰিছে। এই সন্দৰ্ভত সামাজিক মাধ্যমত ব্যাপকভাৱে হোৱা প্ৰচাৰৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগ্ৰামী সতীৰ্থ মঞ্চ হাউলীৰ উপদেষ্টা যুগান্ত বায়ন আৰু মহানন্দ কুমাৰ পাঠকে এটা বিবৃতিত এনে দুসাহস কৰা বিড়ি উৎপাদনকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তৎকালীনভাৱে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে। বিবৃতিটোত উপদেষ্টাদ্বয়ে কয়, যি সময়ত অসমৰ বিহুৱে বিশ্বৰ দৰবাৰত ৰজাঘৰ আৰু প্ৰজাঘৰৰ অহৰহ প্ৰচেষ্টাৰ ফলত অতি মান্যতাৰে প্ৰতিষ্ঠা লাভ কৰিবলৈ সমৰ্থ হৈছে, সেই সময়তে পশ্চিমবংগৰ বিড়ি কোম্পানীটোৱে অতি দৃষ্টিকটুভাৱে বিড়ি পেকেটৰ ওপৰত বিহুৱা, নাচনী আৰু ঢোল-পেপাৰ ফটো সংলগ্ন কৰি কেৱল ব্যৱসায়ীক লাভৰ আশাত এটা সম্ভ্ৰান্ত জাতিৰ জাতীয় প্ৰতীকক চৰম অপমান কৰিছে। সাংস্কৃতিকভাৱে পশ্চিমবংগৰ লগত অসমৰ আৱেগিক সম্পৰ্কত এনেধৰণৰ সংকীৰ্ণ কাৰ্যকলাপে ব্যাঘাত আনিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ড⁰ ভূপেন হাজৰিকাকে ধৰি অসমৰ কিংবদন্তি পুৰুষসকলে বংগ আৰু অসমৰ ৰাইজৰ মাজত সংস্কৃতিৰ প্ৰসাৰৰ জৰিয়তে যি সমন্বয়ৰ বান্ধোন গঢ়ি তুলিছিল সেই বান্ধোন যেন এনে ধৰণৰ আত্মঘাটি ব্যৱস্থাই ভাঙি পেলাব নোৱাৰে তাৰ বাবে দুয়োখন ৰাজ্যৰ ৰাইজ সচেতন হোৱাৰ প্ৰয়োজন বুলি উল্লেখ্য কৰিছে। উল্লেখ্য যে পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ মেচাৰ্ছ ৱেষ্টবেংগল বিড়ি ফেক্টৰী নামৰ কোম্পানী এটাই এনে দুস্কাৰ্য্যত লিপ্ত হৈছে।
প্ৰেৰক প্ৰসন্ন কুমাৰ শৰ্মা
You might also like