নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুপাৰি ছিণ্ডিকেট : দ্বিতীয়টো গোচৰত লাচিত গগৈৰ জামিন লাভ

নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ অৱশেষত মুক্ত আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হল বিজেপিৰ অবিচি মৰ্চাৰ পৰা সদ্য অপসাৰিত নেতা লাচিত গগৈ। আজি বোকাজান মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে খটখটি থানাৰ গোচৰ নং ৩০/২৩ ভাৰতীয় দণ্ডবিধি ১২০/বি, ৪২০, ৩৮৪, ৫০০ আৰু ৫১১ ধাৰাত ৰুজু হোৱা গোচৰত জামিন প্ৰদান কৰে লাচিত গগৈক। বিজেপি নেতা লাচিত গগৈ আৰু ছাত্ৰ নেতা মিলন বুঢ়াগোহাঁইৰ মাজত চুপাৰি ছিণ্ডিকেটক লৈ হোৱা বাৰ্তালাপ হৈছিল সমাজিক মাধ্যমত ভাইৰেল। উল্লেখ্য যে লাচিত গগৈ ২১ জুলাইৰ পৰা ডিফু ন্যায়িক জিম্মাত আছিল ডিফু কাৰাগাৰত। যোৱা ২ আগষ্টত ডিফু চিজেএম আদালতে ডিফু থানাৰ ৭৯/২৩ নম্বৰৰ গোচৰত জামিন প্ৰদান কৰিছিল লাচিত গগৈক।

প্ৰেৰক প্ৰাণদ্বীপ চেতিয়া 

You might also like