নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ ৰাজপথত অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে পৌৰসভাৰ উচ্ছেদ অভিযান

বিশেষ বাৰ্তা, ৭ আগষ্টঃ ঐতিহাসিক ডিব্ৰুগড় চহৰত দীৰ্ঘদিনৰ অন্তত ডিব্ৰুগড় পৌৰসভাৰ উচ্ছেদ অভিযান চলিল।অভাৱনীয়ভাৱে যান-জটৰ লগতে চহৰ খনৰ বিভিন্ন প্ৰান্তত পথৰ কাষতেই অবৈধভাবে ব্যৱসায়িক প্ৰতিষ্ঠানে গা কৰি উঠাৰ ফলত চূড়ান্ত বিশৃংখল হোৱাৰ লগতে তীব্ৰ যানযতে চহৰবাসীক জ্বলাকলা খুৱাইছে।দীৰ্ঘসময়ৰে পৰা বিভিন্ন দল-সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানে অভিযোগ দাখিল কৰাৰ পাছতো পৌৰ কতৃপক্ষৰ গা লৰা নাছিল।অৱশেষত ডিব্ৰুগড় চহৰৰ বিভিন্ন ঘাই পথৰ দুয়োকাষে অবৈধ ভাৱে ৰঘুমলাদৰে গঢ়লৈ উঠা বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানত আজি জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলোৱা হয়।সেয়ে আজি বিশাল আৰক্ষী বাহিনীৰ সহযোগত ৰাজপথৰ পৰা উচ্ছেদ কৰা হয় অবৈধ ব্যৱসায়িক প্ৰতিস্থান সমূহ।ইয়াৰ বিপৰীতে ৰাজপথৰ কাষত থকা এই ক্ষুদ্ৰ ব্যবসায়ীৰ বাবে চহৰখনৰ সুনিৰ্দিষ্ট স্থানত নিৰ্দ্ধাৰণ কৰা হৈছে উপযুক্ত ভেণ্ডিং জন।যাৰ বাবে আজিৰে পৰা চহৰৰ পথৰ কাষত জধে মধে কোনেও দিব দোকান-পোহাৰ দিব নোৱাৰাৰ এক নিৰ্দেশ জাৰি কৰিলে ডিব্ৰুগড় পৌৰসভাই।ডিব্ৰুগড়ত অবৈধভাৱে ফুটপাথ দখল কৰা বিক্ৰেতাক উচ্ছেদ কৰি ডিব্ৰুগড় পৌৰসভাই ষ্ট্ৰীট ভেণ্ডৰসকলৰ বাবে নিৰ্দিষ্ট ভেণ্ডিং জ’নৰ ব্যৱস্থা কৰিছে।সেই অনুসৰি নিৰ্দিষ্ট ভেণ্ডিং জ’নসমূহ হ’ল – আৰ কে বি ৰোড (ইউ চি অ’ বেংকৰ পৰা মুখ্য ডাকঘৰলৈ, ইন্দসুৰ্য হোটেলৰ বিপৰীতে ৰটাৰী ৰোডৰ প্ৰৱেশ পইণ্ট আৰু হনুমান মন্দিৰ কালভাৰ্টলৈ কোল ৰোডৰ প্ৰৱেশ পইণ্ট); খলিহামাৰী পথ (পুলিচ ৰিজাৰ্ভৰ ৰেড ক্ৰছলৈ প্ৰৱেশ পইণ্ট পথৰ প্ৰৱেশ পইণ্ট); গ্ৰাহাম বজাৰ – পল্টন বজাৰ পথ (ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ পৰা জে জে মেম’ৰিয়েল হাস্পতাললৈ); পল্টন বজাৰ – এ এম চি এইচ ৰোড (আপেক্ষ হাস্পতালৰ পৰা ৰাধা কৃষ্ণ মন্দিৰলৈ) আৰু এ টি ৰোড (জেল ৰোডৰ প্ৰৱেশ পইণ্টলৈ(গ্ৰেহাম বজাৰ ছোৱালী বিদ্যালয়)।এই অঞ্চলত সমূহতহে ক্ষুদ্ৰ ব্যৱসায়ী সকলে ব্যৱসায় কৰিব পাৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে।কিন্তু কিমান দিনলৈ পৌৰসভাৰ এই ভেকোঁভাওনা নাটক চলিব,সেয়াও বিৰ্চাযৰ বিষয়।যিহেতু এই অবৈধ ঘুমটি বা ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ডিব্ৰুগড় পৌৰসভাই দালালৰ যোগে কৰ সংগ্ৰহ কৰি অহা গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল বিভিন্ন সময়ত।পৌৰসভাই জনসাধাৰণৰ স্বাৰ্থত যদি চহৰখনৰ ৰাজপথ সমূহৰ পৰা এই ব্যৱসায়িক প্ৰতিস্থান সমূহ সম্পূৰ্ণ উচ্ছেদ কৰে তেহে চহৰখনৰ পথসমূহ সম্পূৰ্ণৰূপে যান-যঁতৰ পৰা মুক্ত হ’ব বুলি আশা কৰিব পাৰি।

প্ৰেৰক বিভাস দুৱৰা

You might also like