নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিতৰ্কিত মহিলাৰ পৰা চোৰৰ বাহন জব্দ : শিৱসাগৰত যোৰহাট আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা, ৭ আগষ্ট : জলসম্পদ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰ সুৰক্ষিত আৱাস অৱস্থিত চৰকাৰী আৱাসিক এলেকাত যোৱানিশা যোৰহাট আৰক্ষীৰ এটা বৃহত দলে শিৱসাগৰ আৰক্ষীৰ সহযোগত অভিযান চলোৱাৰ ঘটনাই সমগ্ৰ চহৰ খনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷নগৰৰ মাজমজিয়াৰ খিজনুৰ আলি পথত থকা আৱাসিক এলেকাত থকা এগৰাকী বহু বিতৰ্কীত মহিলাৰ বাসগৃহৰ পৰা এখন সন্দেহজনক বাহণ উদ্ধাৰৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷ ইতিমধ্যে উজনি অসমৰ মষ্ট ৱান্টেড এটা গভাইত চোৰে ব্যৱহাৰ কৰি অহা এখন সন্দেহজনক চুইফট ডিজায়াৰ গাড়ীৰ সন্ধানত এনেদৰে বিতৰ্কীত মহিলা গৰাকীৰ বাসগৃহত অভিযান চলোৱাৰ ঘটনাই বহু প্ৰশ্নৰো সৃষ্টি কৰিছে ৷উল্লেখ্য যে, সুদীৰ্ঘ ৯টা বছৰ ধৰি সমগ্ৰ উজনি অসমতেই দিন ডকাইতিৰে লুট পাত চলাই অহা কূখ্যাত অপৰাধী অংকুৰ দাস পুনৰ আৰক্ষীৰ জালত পৰিল ৷যোৱা নিশা যোৰহাটৰ পৰা অহা এটা বৃহত আৰক্ষীৰ দলে শিৱসাগৰ আৰক্ষীৰ সহযোগত অভিযান চলাই কোঁৱৰপুৰ অঞ্চলৰ পৰা অংকুৰ দাসক গ্ৰেপ্তাৰ কৰিছিল ৷কেৱল ধন সোণ লুট পাত কৰিয়েই বিগত ৯টা বছৰত বৃহত পৰিমাণৰ সম্পতি, বিলাসী গাড়ী ,নৈশ বাছৰ গৰাকী হোৱা অংকুৰ দাসৰ এ এচ ০৩ এ জি ১৮০৯ নম্বৰৰ এখন বগা চুইফট গাড়ী নিশা অভিযানকাৰী দলটোৱে জলসম্পদৰ কলনিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷এক শীৰ্ষ সুত্ৰই জানিবলৈ দিয়া মতে গভাইত চোৰ অংকুৰ অন্যতম ঘনিষ্ঠ এই বিশেষ মহিলা গৰাকী ৷ স্বামী সংমণ্ডলটোৰ শাখা সহায়ক হোৱাৰ সুবাদতেই দীৰ্ঘ সময় ধৰি চৰকাৰী আৱাসগৃহ ব্যৱহাৰ কৰি অহা এই বিতৰ্কীত মহিলা গৰাকীৰ বাসগৃহলৈ এই মষ্ট ৱান্টেড অপৰাধীটোৰ সঘন আহ যাহ আছিল ৷ একমাত্ৰ চুৰি কাৰ্য্যৰে ৰাজকীয় জীৱন যাপন কৰি অহা গভাইত চোৰ অংকুৰ দাসে গ্ৰেপ্তাৰৰ পিছতেই আৰক্ষীৰ জেৰাত জলসম্পদ কলনিত এখন চুইফট ডিজায়াৰ গাড়ী থকাৰ কথা জনাইছিল৷ সেই সুত্ৰৰ আঁত ধৰিয়েই অভিযানকাৰী আৰক্ষীয়ে পুঁৱতি নিশা তিনি বজাত গাড়ী খন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ইতিমধ্যে শিৱসাগৰ সদৰ আৰক্ষীৰ জিম্মাত উদ্ধাৰকৃত গাড়ী খন থৈ গভাইত চোৰ অংকুৰক যোৰহাট আৰক্ষীৰ জিম্মাত লয় ৷ অৱশ্যে গভাইত চোৰ অংকুৰে গাড়ী খন উক্ত বিতৰ্কিত মহিলাগৰাকীক উপহাৰ হিচাবে দিছিল নে সাময়িকভাৱে ব্যৱহাৰ কৰিবলৈ দিছিল সেইয়া এতিয়াও পোহৰলৈ অহা নাই ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like