নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ আগষ্টত নতুন দিল্লীত অসম চৰকাৰৰ কেবিনেট

বিশেষ বাৰ্তা, ৭ আগষ্টঃ ৯ আগষ্টত অসম চৰকাৰৰ কেবিনেট বৈঠক নতুন দিল্লীত অনুষ্ঠিত হ’ব৷ সেইদিনা বিয়লি ৫ বজাৰ পৰা অনুষ্ঠিত হ’ব এই কেবিনেট বৈঠক। এইখনকে ধৰি বর্তমানৰ ৰাজ্য চৰকাৰৰ এয়া নতুন দিল্লীত হ’বলগীয়া তৃতীয়খন কেবিনেট বৈঠক৷ যোৱা বছৰ নতুন দিল্লীত বীৰ লাচিত বৰফুকনৰ ৪০০তম জন্মজয়ন্তী উদযাপনৰ সময়ত প্রথমখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল৷ সেইদৰে যোৱা ৩১ ডিচেম্বৰত নতুন দিল্লীত দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয়৷ দেশৰ নির্বাচন আয়োগে ৰাজ্যখনৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহ পুনৰ নির্ধাৰণৰ বাবে লোৱা পদক্ষেপৰ পৰিপ্রেক্ষিতত যোৱা বছৰ ৩১ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকে হোজাই, বিশ্বনাথ, বজালী আৰু তামুলপুৰ জিলাৰ বিলুপ্তিৰ সিদ্ধান্ত লৈছিল৷ উক্ত কেবিনেট বৈঠকৰ সাত মাহ পাছত পুনৰ নতুন দিল্লীত কেবিনেট বৈঠকৰ আয়োজন কৰা হৈছে৷ ধাৰণা কৰা হৈছে অহা ৯ আগষ্টত হ’বলগীয়া নতুন দিল্লীৰ কেবিনেট বৈঠকতো বহু গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিব৷

You might also like