নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতত ভিন্ন প্রকল্প উদ্বোধন-আধাৰশিলা স্থাপন মুখ্যমন্ত্রীৰ

👉ৰাজ্যজুৰি সর্বাত্মক মিশ্যন ইন্দ্রধনুষৰ শুভাৰম্ভ
👉নতুন অসমৰ বুনিয়াদ নির্মাণৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আহিছে
👉নৱম ৰাষ্ট্রীয় হস্ততাঁত দিৱসত অংশগ্রহণ 
👉বোকাখাত ক্রীড়া প্রকল্পৰ বাবে ৰাজ্য চৰকাৰৰ আৰু ৪০ কোটি টকা
👉উমা ছেত্রীলৈ ৰাজ্য চৰকাৰৰ ১০ লাখ টকা উপহাৰ
👉কাজিৰঙাত সংহত হস্ততাঁত উদ্যানৰ আধাৰশিলা স্থাপন
বিশেষ বাৰ্তা, ৭ আগষ্টঃ গোলাঘাটৰ বোকাখাত মহকুমাৰ উন্নয়নৰ ক্ষেত্রত এক নতুন মাত্রা সংযোজন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই  আজি মুঠ ৮৫ কোটি টকা ব্যয়েৰে বিভিন্ন প্রকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে৷ উল্লেখ্য যে মুখ্যমন্ত্রীয়ে বোকাখাতত আজি ১০ কোটি টকা ব্যয় সাপেক্ষে সংহত ক্রীড়া প্রকল্পৰ প্রথম পর্যায়ৰ শুভ উদ্বোধন কৰাৰ লগতে প্রায় ১০ কোটি টকা ব্যয় সাপেক্ষে বোকাখাতত এটা নতুন পৰিদর্শন বঙলা, প্রায় ৯ কোটি টকা ব্যয় সাপেক্ষে পোহনীয়া পশুৰ অত্যাধুনিক চিকিৎসালয় আৰু ৫৬ কোটি টকা ব্যয় সাপেক্ষে কাজিৰঙাত সংহত হস্ততাঁত উদ্যানৰ আধাৰশিলা স্থাপন কৰে৷ মুখ্যমন্ত্রীয়ে ইয়াৰ পিছতে নৱম ৰাষ্ট্রীয় হস্ততাঁত দিৱস উপলক্ষে বোকাখাতত ৰাজ্যিক ভিত্তিত আয়োজিত কেন্দ্রীয় অনুষ্ঠানতো অংশগ্রহণ কৰে৷ তদুপৰি তেওঁ আজি বোকাখাততে সর্বাত্মক মিশ্যন ইন্দ্রধনুষ ৫.০ৰ শুভাৰম্ভণি কৰে৷  এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে বোকাখাতৰ এক গৌৰৱময় ঐতিহ্য আছে বুলি উল্লেখ কৰি কয় যে  কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ উপৰি নুমলীগড়, দেওপাহাৰ, কাকগোসাঁনী থান, বাবা থান, লখৌ গড় আদিয়ে বোকাখাত মহকুমাক এক অনন্য মাত্রা প্রদান কৰিছে৷ তদুপৰি এই মহকুমাত পর্যটনৰ যথেষ্ট থল আছে বুলি মন্তব্য কৰি তেওঁ কয় যে এখন জিলাত এটা উৎপাদন পৰিকল্পনাৰ অধীনত গোলাঘাট জিলাত জৈৱিক চাহ উৎপাদনৰ জিলা হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ লোৱা হৈছে৷ ড০ শর্মাই মন্তব্য কৰে যে গোলাঘাট জিলাত যথেষ্ট পৰিমাণে অগৰৰ খেতি কৰা হয়৷ কিন্তু এই অগৰ ঘৰতে সংসাধন কৰিব নোৱাৰা বাবে খেতিয়কসকলে এই কৃষিকর্মক লাভজনক দিশলৈ লৈ যাব পৰা নাছিল৷ সেয়ে গোলাঘাট জিলাত অগৰ সংসাধনৰ ক্ষুদ্র উদ্যোগ চৰকাৰৰ পৰা অনুমতি বিশেষ অবিহনে স্থাপন কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়ে অগৰভিত্তিক উদ্যোগ গঢ়ি তোলাত সহায় কৰিব৷ হস্ততাঁতৰ লগত অসমৰ সম্পর্ক পুৰণি বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে বৰপেটাৰ তাঁতীকুছিত ১২০ হাত দীঘল আৰু ৬০ হাত বহল বৃন্দাবনী বস্ত্র তৈয়াৰ কৰিছিল৷ ইয়ে অসমৰ শিপিনীৰ বয়ন নিপুণতাকে তুলি ধৰে৷  হস্ততাঁত শিল্পক আগুৱাই নিয়াৰ লগতে ইয়াৰ লগত জডিত শিল্পীসকলক সকলো ধৰণৰ সহায় আগবেোৱাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে বুলিও মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে হস্ততাঁতৰ লগত জড়িত শিল্পীসকলক বিকশাই তোলাৰ বাবে বহিঃৰাজ্যৰ পৰা পাৱাৰলুমত প্রস্তুত কৰা গামোচা বিক্রী বন্ধ কৰাৰ বাবে যোৱা বছৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছিল৷ ইয়াৰ ফলত বহাগ বিহুৰ সময়ত গামোচা উদ্যোগটোৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগতে আৰু শিপিনীসকলো লাভবান হবলৈ সক্ষম হৈছিল৷ অসমৰ বাহিৰত উৎপাদিত মেখেলা–চাদৰ, আৰোনাই আদি বস্ত্র বহিঃৰাজ্যৰ পৰা আমদানী কৰাত প্রতিবন্ধকতা  আৰোপ কৰাৰ  ফলত অসমৰ শিপিনীসকলৰ বাবে এক বৃহৎ বজাৰ  গঢ়ি উঠিছে বুলিও তেওঁ কয়৷ শিপিনীসকলৰ পৰা গামোচা ক্রয়ৰ বাবে ১০০ কোটি টকা নির্দ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰৰ এই পদক্ষেপে শিপিনীসকলক গামোচা বিক্রীত সুবিধা প্রদান কৰিছে৷ মুখ্যমন্ত্রীয়ে কয় যে গোলাঘাট জিলাত ৬৭ হাজাৰ শিপিনী আছে আৰু ৰাজ্য চৰকাৰে লোৱা আঁচনিৰ দ্বাৰা শিপিনীসকল উপকৃত হব পাৰিব৷ কাজিৰঙাত এটা এলিভেটেড কৰিডৰ নির্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে চলোৱা প্রয়াসৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে  কয় যে গোলাঘাট জিলাৰ কমাৰগাঁৱৰ পৰা গহপুৰলৈ ব্রহ্মপুত্রৰ তলেৰে ৪ হাজাৰ কোটি টকা ব্যয় কৰি এটা সুংৰগ পথ নির্মাণ কৰিব বিচৰা হৈছে৷ কেন্দ্রীয় চৰকাৰে এই ক্ষেত্রত বিস্তৃত প্রকল্প প্রতিবেদন প্রস্তুতৰ কাম আৰম্ভ কৰিছে বুলিও তেওঁ সদৰি কৰে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে দৰিদ্র শ্রেণীৰ জনসাধাৰণলৈ ৰেচনকার্ড প্রদান, অৰুণোদয় আঁচনিৰ জৰিয়তে নতুন হিতাধিকাৰী সামৰি লোৱাৰ পদক্ষেপ, আত্মসহায়ক গোটৰ প্রতিগৰাকী মহিলালৈ ১০ হাজাৰ টকা প্রদান, প্রায় ৫ কোটিকৈ টকা ব্যয়ৰে হাইস্কুলসমূহৰ আন্তঃগাঁথনি উন্নীতকৰণ, আদর্শ অংগনৱাডী কেন্দ্র নির্মাণ আদিকে ধৰি কল্যাণমুখী বিভিন্ন আঁচনি আৰু পদক্ষেপ গ্রহণৰ কথা উল্লেখ কৰি  তেওঁ কয় যে এখন নতুন অসমৰ বুনিয়াদ নির্মাণৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আহিছে৷ অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে বোকাখাত ক্রীড়া প্রকল্পৰ ষ্টেডিয়ামখন সর্বাংগসুন্দৰকৈ নির্মাণৰ বাবে ৰাজ্য চৰকাৰে আৰু ৪০ কোটি টকা আগববাব বুলিও ঘোষণা কৰে৷ তদুপৰি ভাৰতীয় ছিনিয়ৰ মহিলা ক্রিকেট দলত অসমৰ প্রথমগৰাকী ক্রিকেটাৰ হিচাপে স্থান লাভ কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰা উমা ছেত্রীলৈ ৰাজ্য চৰকাৰে উপহাৰ হিচাপে ১০ লাখ টকা প্রদান কৰিব বুলিও তেওঁ কয়৷  অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, মন্ত্রী অতুল বৰা, কেশৱ মহন্ত, অজন্তা নেওগ, ইউ জি ব্রহ্ম, বিধায়ক ক্রমে বিদ্যাসিং ইংলেং, বিশ্বজিৎ ফুকন, ভৱেন্দ্র নাথ ভৰালী, মৃণাল শইকীয়া, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্রধান সচিব মণিষ ঠাকুৰ, হস্ততাঁত বস্ত্রশিল্প তথা ৰেচম বিভাগৰ সচিব দিলীপ কুমাৰ বৰাকে ধৰি বহু গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷ ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে কাজিৰঙাৰ সমীপত প্রস্তাৱিত প্রাকৃতিক সংগ্রহালয় আৰু একুৱাৰিয়াম প্রকল্পৰ বুজ লয়৷ উল্লেখ্য যে এই প্রকল্পত সংগ্রহালয়, একুৱাৰিয়ামৰ উপৰি অতিথিশালা, মুকলি মঞ্চ, পঁজাঘৰ আদিকে ধৰি বিভিন্ন উপাদান সংলগ্ন হৈ থাকিব৷ তদুপৰি কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শনৰ বাবে অহা পর্যটকৰ বাবেও এই প্রকল্প আকর্ষণৰ স্থলী হব৷ মুখ্যমন্ত্রীয়ে আজি বোকাখাত ভ্রমণকালতে গেলেকীত প্রস্তাৱিত হেলিপোর্টৰ নির্মাণস্থলীও পৰিদর্শন কৰে৷ উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত চোৰাং চিকাৰ ৰোধৰ সুবিধার্থে ভ্রাম্যমাণ পহৰাৰ কামত ব্যৱহাৰৰ বাবে গার্গো টয়েটাই এখন বাহন মুখ্যমন্ত্রীৰ উপস্থিতিত আজি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানলৈ আগবঢ়ায়৷
You might also like