নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত চৰকাৰী মাটি বেদখলৰ অভিযোগ

🔹 ৰাজহুৱা স্থানৰ গছ কাটি গৃহ নিৰ্মাণৰ প্ৰস্তুতি
নিয়মীয়া বাৰ্তা, ৮ আগষ্ট : পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বলিষ্ঠ পদক্ষেপত ৰাজ্যৰ সৰ্বত্ৰে চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি উচ্ছেদ অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে ঢকুৱাখনা মহকুমাৰ সোৱণশিৰি ৰাজহ চক্ৰৰ গোহাঁই মৌজাৰ অন্তৰ্গত সোণাৰি চাপৰিত চৰকাৰী মাটি বেদখল কৰি ৰাজহুৱা স্থানৰ গছ কাটি স্থায়ী গৃহ নিৰ্মাণৰ প্ৰস্তুতি চলোৱাৰ অভিযোগ তুলি ইয়াৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে সচেতন মহলে ৷ জনতাৰ কল্যাণকামী ৰাজ্য চৰকাৰে চৰকাৰী মাটি বেদখলকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপকো অংগুষ্ঠ প্ৰদৰ্শন কৰি সোণাৰি চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মাটিত দীৰ্ঘদিনে অস্থায়ীভাৱে বসবাস কৰি থকা মুকুল কোঁৱৰ (৪২) নামৰ ব্যক্তিগৰাকীয়ে সোণাৰি চাপৰি মৌ খোৱা পথৰ কাষতে স্বাস্থ্যকেন্দ্ৰৰ মাটিত থকা এজোপা গছ কাটি স্থায়ী গৃহ নিৰ্মাণৰ প্ৰস্তুতি চলোৱাৰ বিষয়ে জানিব পাৰি স্বাস্থ্যকৰ্মীয়ে  স্বাস্থ্যকেন্দ্ৰৰ পৰিচালনা সমিতিক অৱগত কৰে যদিও বাতৰি লিখা পৰলৈকে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই ৷ প্ৰাপ্ত তথ্য মতে, সোণাৰি চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু হৰিজন কোৱাৰ্টাৰৰ কাষতে দমকলৰ পানীকে খাই অস্থায়ীভাৱে বসবাস কৰা সৰু কোঁৱৰ নামৰ অসহায় লোকজনৰ দুই পুত্ৰই বৰ্তমান পৰিত্যক্ত অৱস্থাত থকা স্বাস্থ্যকেন্দ্ৰটোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু হৰিজনৰ কোৱাৰ্টাৰলৈকে দখল কৰি স্থায়ী গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিছে ৷ ঢকুৱাখনা মহকুমা প্ৰশাসনক চৰকাৰী  মাটি বেদখল কৰি ৰাজহুৱা স্থানৰ গছ কাটি জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰো দাবী জনাইছে অঞ্চলটোৰ সচেতন মহলৰ লগতে স্বাস্থ্যকৰ্মী আৰু বিভিন্ন দল-সংগঠনে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি
You might also like