নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত চুপাৰিৰ বস্তাবাহী বলেৰো পিকআপক লৈ ৰহস্য

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট : ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী বৰলুইতৰ নিউ ঘাটৰ পাৰঘাটৰ পৰা কালি আৰক্ষীয়ে জব্দ কৰা এখন চুপাৰিৰ বস্তাভৰ্তি এখন বলেৰো পিক্আপক লৈ ৰহস্যৰ সৃষ্টি হৈছে।  এতিয়ালৈ ধুবুৰী সদৰ থানাত  এ এছ- ১৭ চি-৫৯১৪ নম্বৰৰ সেই চুপাৰিবাহী বাহনখন ৰখা হৈছে। জানিব পৰা মতে, চুপাৰিৰ সেই বস্তাবোৰ নদীপথেদি  দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফকিৰগঞ্জৰ পৰা অনা হৈছিল ধুবুৰী নিউঘাটলৈ আৰু পাৰঘাটটোত তোলা হৈছিল সেই বলেৰো পিক্আপখনত। তথ্য অনুসৰি, চুপাৰিৰ সেই বস্তাবোৰ পশ্চিমবংগৰ ফালাকাটাৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰাৰ কথা আছিল। ইপিনে, বাহনখনত থকা চুপাৰিখিনি বৈধ নে অবৈধ, সেয়া এতিয়ালৈ স্পষ্টভাৱে জানিব পৰা হাৱা নাই। ইয়াৰ মাজতে আকৌ কালি সন্ধিয়াৰ পৰাই  চুপাৰিবাহী সেই বাহনখন মোকলাই নিয়াৰ বাবে এটা চক্ৰৰ ব্যাপক তৎপৰতা আৰম্ভ হোৱা বুলিও চৰ্চিত হ’বলৈ লৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like