নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগৰ জামতাৰাৰ পৰা নিয়ন্ত্রণ চাইবাৰ অপৰাধ

🔹 ঝাৰখণ্ডৰ ৩ চাইবাৰ অপৰাধীক শিলিগুৰিত গ্রেপ্তাৰ বৰপেটা আৰক্ষীৰ
বিশেষ বাৰ্তা, ৮ আগষ্ট : সমগ্র দেশতে সংগঠিত ৰূপত চাইবাৰ অপৰাধীয়ে পেলাইছে জাল৷ পশ্চিমবংগৰ শিলিগুৰিৰ পৰা চাইবাৰ অপৰাধৰে জড়িত ৩ অভিযুক্তক বৰপেটাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য৷ পশ্চিমবংগৰ চাইবাৰ অপৰাধী চক্রৰ সৈতে জডিত হৈ আছে বৰপেটা জিলাৰ কলগাছিয়া বাঘবৰৰ একাংশ যুৱক৷ ভুৱা বেংক একাউণ্ট আৰু এটিএমৰ জৰিয়তে অনলাইনযোগে ধন লুট কৰা জামতাৰা চক্রৰে জড়িত ৩ অভিযুক্তক বৰপেটা আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য৷ বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ প্রদীপ শইকীয়াই আজি এখন সংবাদ মেলত জানিবলৈ দিয়া মতে পশ্চিমবংগ আৰু ঝাৰখণ্ড সীমান্তৰ জামতাৰাৰ চাইবাৰ অপৰাধী চক্রৰ সৈতে বৰপেটা জিলাৰ কলগাছিয়া আৰু বাঘবৰৰ একাংশ যুৱক প্রত্যক্ষভাৱে জড়িত হৈ আছে৷ বহিঃৰাজ্যৰ এই ৰেকেটটোৱে জিলাখনৰ একাংশ যুৱকৰ লগত নেটৱর্ক স্থাপন কৰি দীর্ঘদিন ধৰি সহজ–সৰল বিভিন্ন লোকক প্রলোভন দেখুৱাই ভুৱা একাউণ্ট আৰু পাছবুকৰ জৰিয়তে লক্ষ লক্ষ টকা লুট কৰি আহিছে৷ সংবাদ মেলত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, চাইবাৰ অপৰাধৰ সৈতে জড়িত কলগাছিয়া অঞ্চলৰ যুৱককেইজনে বিভিন্ন প্রকাৰে সহজ–সৰল মানুহৰ ফোন নম্বৰ, ঠিকনা সংগ্রহ কৰি এই ফোন নম্বৰৰ জৰিয়তে ম’বাইলৰ ভুৱা ছিম কার্ড উলিয়াই অনলাইনযোগে বেংক একাউণ্টৰ বাবে আবেদন কৰি এটিএম কার্ড আৰু পাছবুক সংগ্রহ কৰে৷ পিছত এই যুৱককেইজনে এই এটিএম আৰু পাছবুক জামাতাৰাৰ চাইবাৰ অপৰাধী চক্রৰ ওচৰত বিক্রী কৰে৷ পশ্চিমবংগ আৰু ঝাৰখণ্ড সীমান্তৰ জামতাৰাৰ এই চাইবাৰ অপৰাধী চক্রটোৱে বিভিন্ন ৰাজ্যৰ বিভিন্ন লোকক ভুৱা প্রলোভন দেখুৱাই এই একাউণ্টবোৰত ধন সোমাই দিবলৈ কয়৷ চাইবাৰ অপৰাধী চক্রটোৰ প্রলোভনত ভোল গৈ একাউণ্টত টকা সোমাই দিয়াৰ পিছতে এই চক্রটোৱে অনলাইনযোগে সেই একাউণ্টৰ পৰা টকাখিনি লুট কৰি লৈ যায়৷ গুজৰাট, ৰাজস্থান আদি ৰাজ্যত এনে ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ্য দুখনৰ আৰক্ষীয়ে অনুসন্ধান চলাই বৰপেটাৰ কলগাছিয়া অঞ্চলৰ বহু লোকৰ একাউণ্টত টকা সোমোৱা বুলি নিশ্চিত হয় আৰু সেই একাউণ্টৰ গৰাকীক বিচাৰি দুয়োখন ৰাজ্যৰ আৰক্ষী উপস্থিত হোৱাৰ পিছতে এনে ঘটনা পোহৰলৈ আহে৷ শেহতীয়াভাৱে কেইদিনমান পূর্বে পাঠশালাৰ স্বাস্থ্য বিভাগৰ অৱসৰপ্রাপ্ত কর্মচাৰী সুব্রত কুমাৰ শর্মা নামৰ ব্যক্তি এজনৰ একাউণ্টৰ পৰা ৩০ লাখ টকা কৌশলেৰে চাইবাৰ অপৰাধী চক্রই উলিয়াই নিয়াৰ পিছতে বৰপেটা সদৰ থানাত তেওঁ এজাহাৰ দাখিল কৰিছিল৷ এই ঘটনাৰ দুদিন আগতে জামাতাৰাৰ চাইবাৰ অপৰাধী চক্রটোৰ সৈতে প্রত্যক্ষভাৱে জড়িত কলগাছিয়া অঞ্চলৰ এজন যুৱকে এই চক্রটোৰ পৰা প্রৱঞ্চনাৰ বলি হৈ বিষয়টো বৰপেটা আৰক্ষীক অৱগত কৰিছিল৷ যুৱকজনৰ পৰা সমগ্র চাইবাৰ অপৰাধৰ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছত অৱসৰপ্রাপ্ত লোকজনৰ ঘটনাৰ সৈতে এই চক্রটো জড়িত থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰে৷ বৰপেটা আৰক্ষীয়ে এই ঘটনাৰ তদন্ত চলাই বিভিন্ন উৎসৰ পৰা তথ্য সংগ্রহ কৰে আৰু এই ঘটনাৰ সৈতে জামাতাৰাৰ চাইবাৰ অপৰাধী চক্রটো জড়িত থকাৰ তথ্য লাভ কৰে৷ ইয়াৰ পিছতে বৰপেটা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪১৯/৪২০ আৰু আই টি এক্টৰ ৬৬ (চি)(ডি) ধাৰাৰ অধীনত ৩৬৫/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰি এই চক্রটোক আটক কৰাৰ বাবে অভিযান আৰম্ভ কৰে৷ সেই অনুসৰি বৰপেটা আৰক্ষীয়ে ছিম কার্ড আৰু এটিএম যোগান ধৰাৰ কথা কৈ কলগাছিয়াৰ অভিযোগকাৰী যুৱকজনক জামাতাৰাৰ চাইবাৰ অপৰাধী চক্রটোক যোগাযোগ কৰিবলৈ দিয়ে আৰু ছিম কার্ড, এটিএম নিবলৈ অসমলৈ আহিবলৈ অনুৰোধ জনায়৷ কিন্তু চতুৰ চক্রটোৱে অসমলৈ আহিবলৈ অমান্তি হয় আৰু পশ্চিমবংগৰ শিলিগুৰিলৈ আহিবলৈ দিয়ে৷ যুৱকজনে শিলিগুৰিলৈ যোৱাৰ কথা ব্যক্ত কৰে৷ সেই অনুসৰি, যোৱা ৩ আগষ্টত বৰপেটা আৰক্ষীৰ দল এটাই শিলিগুৰিত উপস্থিত হৈ কলগাছিয়াৰ যুৱকজনৰ পৰা ছিম কার্ড আৰু এটিএম নিবলৈ অহা চাইবাৰ অপৰাধী চক্রটোৰ তিনিজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা চাইবাৰ অপৰাধীকেইটা হ’ল ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ পালোজৰি থানাৰ অন্তর্গত বাৰামছলি গাঁৱৰ তমেজ উদ্দিন, অংগৱালি গাঁৱৰ মুস্তাকিম মিঞা আৰু আফজল আনছাৰি৷ ধৃত তিনিওজনৰ পৰা আৰক্ষীয়ে ৭টা ম’বাইল ফোন আৰু ১১খন এটিএম কার্ড জব্দ কৰে৷ ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে তিনিওজন অপৰাধীকে শিলিগুৰিৰ পৰা গ্রেপ্তাৰ কৰি বৰপেটালৈ লৈ আহে৷ চাইবাৰ অপৰাধত জড়িত তিনিওজনকে বৰপেটা সদৰ থানাত জেৰা চলাই থকা হৈছে৷ উল্লেখ্য যে ইয়াৰ পূর্বেও এই সংক্রান্তীয় দুটা গোচৰ ৰুজু হৈ আছিল৷ এটা গোচৰৰ তিনিজনক গ্রেপ্তাৰ কৰি ইতিমধ্যে আদালতত চার্জশ্বীট দিয়া হৈছে৷

You might also like