নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনজাতিকৰণৰ দাবীত শিৱসাগৰত আটাছুৰ অৰ্ধ উলংগ প্ৰতিবাদ

🔹 জনজাতিৰ মৰ্যাদা নিদিলে ৰাজ্যজুৰি আত্মজাহৰ হুংকাৰ

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট : অসমৰ ছয় জনগোষ্ঠীৰ লগতে ছশ বছৰ ধৰি ৰাজ্য শাসন কৰি অহা ভূমিপুত্ৰ আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ নামত চৰকাৰে বাৰে বাৰে প্ৰৱঞ্চনা কৰি অহাত আজি শ শ আটাছু কৰ্মীয়ে সাব্যস্ত কৰিলে অৰ্ধ উলংগ প্ৰতিবাদ ৷ সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বেই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত আজি  আটাছু স্বতন্ত্ৰ গোটৰ শ শ কৰ্মীয়ে অৰ্ধ উলংগ হৈ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয় ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ সম্ভাব্য প্ৰতিবাদৰ উমান পাই শিৱসাগৰ আৰক্ষীয়ে গঢ়ি তোলা নিশ্ছিদ্ৰ নিৰাপত্তা বেষ্টনী ভেদি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান কৰি কাৰ্য্যতঃ জিলা উপায়ুক্ত কাৰ্য্যালয় সম্পূৰ্ণৰূপে অচল কৰি দিয়ে ৷ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদৌল প্ৰাংগণৰ পৰা অৰ্ধ উলংগ শৰীৰত ন’ এছ টি ন’ ৰেষ্ট, আটাছু জিন্দাবাদ ইত্যাদি শ্লোগান অংকন কৰি আগবঢ়া শ শ প্ৰতিবাদকাৰীয়ে সম্পূৰ্ণৰূপে অৱৰোধ কৰি দিয়ে উপায়ুক্ত কাৰ্য্যালয়ৰ প্ৰৱেশদ্বাৰ ৷ বৃহত বেনাৰ, হাতে হাতে চৰকাৰবিৰোধী ফেষ্টুনেৰে উপস্থিত হোৱা অৰ্ধ উলংগ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ বেক, ন’ এছ টি ন’ ৰেষ্ট, আছে হেংদাং লোৱা নাই, ল’লে হেংদাং ৰক্ষা নাই, আহোম আজি জাগিছে, জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ শীৰ্ষক শ্লোগানেৰে সমগ্ৰ প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ ইফালে, অৰ্ধ উলংগ প্ৰতিবাদী কাৰ্য্যসূচীক নেতৃত্ব প্ৰদান কৰা জিলা সভাপতি অখিল আহোমে কয়- জনজাতিকৰণৰ নামত আহোম জনগোষ্ঠীক কৰি অহা প্ৰৱঞ্চনা আৰু সহ্য কৰা নহ’ব ৷ কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ এক মাধ্যমত পৰিণত হোৱা জনজাতিকৰণৰ বিষয়টোক লৈ আৰু কোনো ৰাজনৈতিক দলকেই ৰাজনীতি কৰিবলৈ দিয়া নহ’ব৷ আহোম জনগোষ্ঠীৰ ৰাইজৰ ধৈৰ্য্যৰ পৰীক্ষা ল’বলৈ চেষ্টা নকৰিব ৷ এয়াই আমাৰ শেষ সকীয়নি বুলি মন্তব্য কৰা অখিল আহোমে কয়- যদিহে সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বেই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান নকৰে, তেন্তে আগন্তুক দিনত ৰাজ্যজুৰি আটাছুৰ নেতৃত্বত শ শ ভূমিপুত্ৰ জনগোষ্ঠীটোৰ যুৱকে আত্মজাহৰ দৰে ভয়ংকৰ কাৰ্য্যসূচী ল’বলৈ বাধ্য হ’ব বুলি হুংকাৰ প্ৰদান কৰে ৷ আনহাতে, আটাছু স্বতন্ত্ৰৰ শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক মিন্টু দুৱৰা, সুমিত সন্দিকৈয়ে কয় যে ৰাজনৈতিক নেতাৰ চতুৰালিত আহোম জনগোষ্ঠীৰ ৰাইজ আৰু ভোল নাযায় ৷ প্ৰৱঞ্চনা, মিথ্যাচাৰৰ জাল ৰচি জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদানৰ নামত চলাই অহা চাতুৰ্য্যতা ইতিমধ্যেই ধৰা পৰিছে ৷ কোনোবা আদিত্য খাকলাৰীৰ ভয় দেখুৱাই জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদানৰ পৰা ৰাজ্য-কেন্দ্ৰীয় চৰকাৰ বিৰত থকা কাৰ্য্য কেতিয়াও গ্ৰহণযোগ্য নহয় ৷ সুদীৰ্ঘ ডেৰটা দশক ধৰি চলাই অহা প্ৰতাৰণা আৰু চলিবলৈ দিয়া নহ’ব ৷ প্ৰয়োজনত সমগ্ৰ ৰাজ্য অচল কৰি দিবলৈ আটাছু বাধ্য হ’ব বুলি স্পষ্ট কৰি দিয়া নেতাদ্বয়ে পুনৰ কয় যে শীঘ্ৰে আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা দিয়ক ৷ প্ৰায় ডেৰ ঘন্টা ধৰি অব্যাহত থকা প্ৰতিবাদৰ মাজতেই প্ৰতিবাদস্থলীত উপস্থিত হোৱা দণ্ডাধীশৰ হাতত জনজাতিকৰণ শীৰ্ষক দাবী সম্বলিত এখন স্মাৰক-পত্ৰ জিলা উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like