নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বামীয়ে হত্যা কৰি নদীত পেলাই দিছিল : জবলপুৰ আৰক্ষী

🔹 মহাৰাষ্ট্রৰ সন্ধানহীন বিজেপি নেত্রী

বিশেষ বাৰ্তা, ১২ আগষ্ট : সন্ধানহীন হৈ থকা মহাৰাষ্ট্রৰ বিজেপিৰ সংখ্যালঘু গোটৰ মুৰব্বী ছানা খানক লৈ অৱশেষত আৰক্ষীয়ে শুংসূত্র লাভ কৰিবলৈ সক্ষম হৈছে৷ তদন্তকাৰী জবলপুৰ আৰক্ষীয়ে প্রকাশ কৰা মতে, বিগত সপ্তাহৰ পৰা সন্ধানহীন হৈ থকা বিজেপি নেত্রী ছানা খানক তেওঁৰ স্বামীয়ে কোবাই হত্যা কৰি নদীত মৃতদেহ পেলাই দিছিল৷ জবলপুৰ আৰু নাগপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই বিজেপি নেত্রী ছানা খানক হত্যা কৰাৰ মূল অভিযুক্ত অমিত ওৰফে পাপু চাহুক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে ছানা খানে মহাৰাষ্ট্রৰ নাগপুৰৰ পৰা মধ্যপ্রদেশৰ জবলপুৰলৈ অমিতক লগ কৰিবলৈ গৈছিল ৷ দুদিনতে ছানা খানে উভতি অহাৰ কথা আছিল যদিও উভতি অহা নাছিল৷ পৰিয়ালৰ লোকে এই সন্দর্ভত নাগপুৰ আৰক্ষীক অভিযোগ দিয়াত নাগপুৰ আৰক্ষীয়ে জবলপুৰ আৰক্ষীৰ লগত সম্পর্ক কৰে৷ ইয়াৰ পিছতে সন্ধান চলাই ছানা খানক হত্যা কৰা বুলি নিশ্চিত কৰি হত্যাকাৰী স্বামী অমিতক গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে অমিতৰ সুৰাৰ চোৰাং ব্যৱসায় আৰু পথৰ দাঁতিত চাহৰ দোকান আছে৷ বিবাহপাশত আবদ্ধ হোৱা অমিতে ধনক লৈ ছানা খানৰ সৈতে কাজিয়াত লিপ্ত হৈছিল আৰু হত্যা কৰি হিৰণ নদীত মৃতদেহ পেলাই দিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে৷

You might also like