নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰত উন্নত প্রযুক্তিৰ মিগ–২৯

📌 পাকিস্তান-চীনক প্রত্যাহ্বান জনাবলৈ সাজু ভাৰত

বিশেষ বাৰ্তা, ১২ আগষ্ট : চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্র পাকিস্তান আৰু চীনক প্রত্যাহ্বান জনাবলৈ সাজু ভাৰত৷ দেশৰ দক্ষিণ প্রান্তৰ সীমান্ত সুৰক্ষা কৰি ৰখাৰ লগতে চুবুৰীয়া ৰাষ্ট্রৰ যিকোনো প্রৰোচনাৰ সৈতে মোকাবিলা কৰিবলৈ জম্মু–কাশ্মীৰত মোতায়েন কৰা হৈছে উন্নত প্রযুক্তিৰ মিগ–২৯ যুদ্ধবিমান৷ ভাৰতীয় আকাশমার্গ শত্ৰু দেশৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ মিগ–২৯ যুদ্ধবিমান বায়ুসেনা বাহিনীৰ শিবিৰত মোতায়েন কৰি ৰখা হৈছে৷ প্রতিৰক্ষা বিভাগৰ শীর্ষ বিষয়াৰ তথ্য মতে, জম্মু–কাশ্মীৰৰ শ্রীনগৰ বিমান ঘাটিত মিগ–২৯ যুদ্ধবিমান মোতায়েন কৰা হৈছে৷ মিগ–২১ বিমানতকৈ অধিক শক্তিশালী তথা মিগ–২১ৰ উন্নত সংস্কৰণ মিগ–২৯ যুদ্ধবিমানে শত্রু পক্ষক দুয়ো দিশৰ পৰা অভিযান চলাবলৈ সক্ষম৷ দিনৰ সমান্তৰালকৈ নিশাও শত্রু পক্ষৰ বিৰুদ্ধে অভিযান চলাবলৈ সক্ষম মিগ–২৯ যুদ্ধবিমানত মাজ আকাশতে ইন্ধন ভৰাই অহৰহ অভিযান চলাই থাকিব পাৰে৷ কাশ্মীৰ উপত্যকা আৰু লাডাখ ছেক্টৰত নিৰাপত্তা বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি মিগ–২৯ যুদ্ধবিমান মোতায়েন কৰি ৰখা হৈছে বুলি স্কোৱাড্ৰন লীডাৰ শিৱম ৰাণাই প্রকাশ কৰিছে৷ উল্লেখ্য যে ২০২০ চনত গালৱানত চীনা সেনাৰ সৈতে হোৱা সংঘর্ষৰ পিছতে চীনৰ পক্ষৰ পৰা আহিব পৰা ভাবুকিৰ প্রতি লক্ষ্য ৰাখি লাডাখ ছেক্টৰত প্রাৰম্ভতে মিগ–২৯ বিমান মোতায়েন কৰা হৈছিল৷ পৰৱর্তী সময়ত জম্মু–কাশ্মীৰতো এই যুদ্ধবিমান মোতায়েন কৰি দেশৰ বায়ুসেনাৰ শক্তি বৃদ্ধি কৰিছে৷ সেই মিগ–২৯ যুদ্ধবিমানেৰে শক্তিশালী অস্ত্রও শত্রু পক্ষলৈ সহজে নিক্ষেপ কৰিব পাৰি৷ পাকিস্তান আৰু চীনৰ ভাবুকিৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় বায়ুসেনাই কাশ্মীৰৰ মধ্য শ্রীনগৰত মিগ–২৯ যুদ্ধবিমান মোতায়েনেৰে চুবুৰীয়া ৰাষ্ট্র দুখনক প্রত্যাহ্বান জনাবলৈ সাজু হৈ থকা বুলি স্পষ্ট ইংগিত দিছে৷

You might also like