হিমাচল প্ৰদেশত ভূমিস্খলনত ২১জনৰ প্ৰাণহানি
বিশেষ বাৰ্তা, ১৪ আগষ্ট : হিমাচল প্ৰদেশত বৰষুণৰ ফলত বিভিন্ন অঞ্চলত ভূমিস্খলন সংঘটিত হয়। ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বৰষুণত হিমাচল প্ৰদেশৰ সোলানত ৭জন লোকৰ মৃত্যু হয়। দেওবাৰে নিশা সোলানৰ জাদন গাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা। ক্ষিপ্ৰ উদ্ধাৰৰ অন্তত ৬জন লোকক ৰক্ষা কৰা হয় যদিও ৭ জনৰ মৃত্যু হয়। বহু ৰাস্তা বন্ধ হৈ পৰাত ভালেসংখ্যক পৰ্যটক আবদ্ধ হৈ পৰিছে। তদুপৰি ধাৰাসাৰ বৰষুণৰ ফলত মন্দিৰ ভাঙি শিমলাত কমেও ৯জন তীৰ্থযাত্ৰীৰ মৃত্যু হয়। সোমবাৰে পুৱা শিমলাৰ ছামাৰ হিলত সংঘটিত হয় এই দুৰ্ঘটনা। তাত থকা শিৱ মন্দিৰৰ এটা অংশ হঠাৎ ভাঙি পৰে। সেই সময়ত পূজাৰ বাবে মন্দিৰৰ ভিতৰত বহু দৰ্শনাৰ্থী উপস্থিত আছিল। ভাঙি পৰা কংক্ৰিটৰ তলত বহুতৰে মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। স্থানীয় সংবাদ সংস্থাৰ মতে, সোমবাৰে পুৱা যেতিয়া এই দুৰ্ঘটনা সংঘটিত হৈছিল, তেতিয়া সেই শিৱ মন্দিৰত কমেও ৫০জন লোকৰ সমাগম হৈছিল। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে এই দুখৰ খবৰ টুইট কৰে। তেওঁ লিখিছে- “এতিয়ালৈকে ৯টা মৃতদেহ উদ্ধাৰ হৈছে। বহু লোক ধ্বংসাৱশেষৰ তলত পোত যোৱাৰ আশংকা কৰা হৈছে। উদ্ধাৰৰ কামো চলি আছে।” বিগত ৪৮ ঘণ্টা ধৰি ধাৰাসাৰ বৰষুণৰ ফলত হিমাচল প্ৰদেশত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰষুণৰ বাবে হিমাচলত হোৱা দুৰ্যোগত মৃতকৰ সংখ্যা ২১লৈ বৃদ্ধি পায়। ইতিমধ্যে ছামাৰ হিলত উদ্ধাৰ অভিযান আৰম্ভ হৈছে। আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ লগতে স্থানীয় বাসিন্দাসকলেও উদ্ধাৰ অভিযানত যোগদান কৰে।