ইতিহাস গঢ়াৰ বাবে মাজত মাথোঁ ১৭৭ কিলোমিটাৰ
🔹 জটিল পৰিক্রমা অতিক্রমি ইতিহাস গঢ়াৰ দিশে চন্দ্রযান–৩
বিশেষ বাৰ্তা, ১৪ আগষ্ট : মহাকাশ খণ্ডত ইতিহাস গঢ়াৰ বাবে ব্যৱধান মাথোঁ ১৭৭ কিলোমিটাৰৰ ৷ চন্দ্রপৃষ্ঠৰ পৰা ১৭৭ কিলোমিটাৰত চন্দ্রযান–৩৷ আজি চন্দ্রযান–৩য়ে জোনবাইৰ কক্ষপথত এক জটিল পৰিক্রমা সুকলমে অতিক্রম কৰাৰ পাছতে ইতিহাস গঢ়াৰ দিশে আগবাঢ়িছে মহাকাশ যানখন৷ অহা ১৬ আগষ্টত আন এক জটিল পৰিক্রমা সুকলমে অতিক্রম কৰাৰ কেইদিনমান পাছতে অর্থাৎ ছদিনৰ পাছতে নির্ধাৰিত সময়সূচী অনুসৰি ২৩ আগষ্টৰ বিয়লি ৫.৩৭ বজাত চন্দ্রযান–৩য়ে জোনবাইৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব৷ লেণ্ডাৰ বিক্রম আৰু ৰ’ভাৰ প্রজ্ঞানে উক্ত দিনা নিৰাপদ আৰু সুকলমে চন্দ্রৰ পৃষ্ঠত অৱতৰণ কৰিব পাৰিলেই মহাকাশ বিজ্ঞানত ইতিহাস গঢ়িব ভাৰতে৷ চন্দ্রৰ পৃষ্ঠত পৃথিৱীৰ ৩খন দেশ ক্রমে আমেৰিকা যুক্তৰাষ্ট্র, ৰাছিয়া আৰু চীনে যান অৱতৰণ কৰাবলৈ সক্ষম হৈছে৷ ভাৰতে অৱতৰণ কৰাব পাৰিলেই চতুর্থখন দেশত পৰিণত হ’ব৷ অৱশ্যে চন্দ্রৰ দক্ষিণ মেৰুত যান অৱতৰণ কৰোৱা প্রথমখন দেশ হিচাপে ইতিহাস গঢ়িব৷ উল্লেখ্য যে যোৱা ১৪ জুলাইত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ই অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্রৰ পৰা সুকলমে চন্দ্রযান–৩ অভিযান আৰম্ভ কৰাৰ পাছত পৰিকল্পনা অনুসৰিয়েই পৃথিৱীৰ কক্ষপথ অতিক্রম কৰি চন্দ্রৰ কক্ষপথত প্রৱেশ কৰি পর্যায়ক্রমে কক্ষপথৰ জটিল প্রক্রিয়া সুকলমে সমাপন কৰি লক্ষ্যৰ দিশে আগবাঢ়ি আছে৷ আজি চন্দ্রযানে জোনবাইৰ কক্ষপথত ১৫০ কিলোমিটাৰ× ১৭৭ কিলোমিটাৰ চক্রৰে জটিল পৰিক্রমা অতিক্রম কৰিবলৈ সক্ষম হয়৷ পৰৱর্তী পৰিক্রমা অহা ১৬ আগষ্টৰ পুৱা ৮.৩০ বজাত সুকলমে অতিক্রম কৰিব পাৰিলেই চন্দ্রপৃষ্ঠৰ একেবাৰে ওচৰ চাপিব যন্ত্রযান–৩৷ ইছৰ’ই প্রকাশ কৰা মতে, ২০১৯ চনত মাত্র কেই ছেকেণ্ডৰ বাবে চন্দ্রপৃষ্ঠত অৱতৰণৰ পূর্বে চন্দ্রযান–২ অভিযান বিফল হৈছিল যদিও এইবেলি তাৰ পুনৰাবৃত্তি নহ’ব লাগে৷ অহা ২৩ আগষ্টত চন্দ্রযান–৩য়ে ইতিহাস গঢ়িব বুলি আশাবাদী ইছৰ’৷