বিশেষ বাৰ্তা, ১৬ আগষ্টঃ যোৰহাটত মুখ্যমন্ত্ৰীৰ বিকাশৰ সূচনা। আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিকাশ উৎসৱৰ সৈতে সংগতি ৰাখি যোৰহাটৰ ন-আলিত নিৰ্মাণ কৰা তিনিলেনযুক্ত ৰে’লৱে উৰণ সেতু শুভ উদ্বোধন কৰে। উৰণ সেতুখনৰ জৰিয়তে যোৰহাটৰ পৰা তিতাবৰ, গোলাঘাট আদিলৈ যাতায়াত ব্যৱস্থা সুশৃংখলিত হ’ব। প্ৰায় ৮৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ৮০৩.১৯ মিটাৰ দৈৰ্ঘ্যৰ তিনিলেনযুক্ত ৰে’লৱে উৰণীয়া সেতুখন মূল নিৰ্মাণকাৰ্যৰ লগতে আনুসংগিকভাৱে সেতুখনৰ দুয়োটো দিশ সংযোগী পথ, উপ-পথ, সেৱা পথ, পকী নলা আৰু পদ- পথ, বৈদ্যুতিক আৰু পানী যোগান আঁচনিৰ লাইন স্থানান্তৰিতকৰণৰ কাম পৰ্যায়ক্ৰমে সম্পূৰ্ণ কৰা হৈছে। যোৰহাটৰ ন আলি উৰণ সেতুৰ তলতে নির্মাণ কৰা হৈছে এখন অত্যাধুনিক বেডমিণ্টন ক’ৰ্ট। মেচাৰ্ছ এম পি আগৰৱালা এণ্ড গ্ৰুপে নিজা প্ৰচেষ্টাত নিৰ্মাণ কৰিছে এইখন অত্যাধুনিক বেডমিণ্টন ক’ৰ্ট। যাৰ জৰিয়তে উপকৃত হব বহু ক্ৰীড়াপ্ৰেমী। আনহাতে যোৰহাটত কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানতো অংশ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে উৰণ সেতু মুকলি অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, জয়ন্ত মল্লবৰুৱা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, পৱিত্ৰ মাৰ্ঘেৰিটা, তপন কুমাৰ গগৈ, বিধায়ক ক্ৰমে হিতেন্দ্ৰ নাথ গোস্বামী, ভবেন ভৰালী, তৰংগ গগৈ, ৰূপজ্যোতি কুৰ্মী আৰু ভাস্কৰ বৰুৱা, জিলা আয়ুক্ত পুলক মহন্তকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।