নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট : ৭৭সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মুক্তিযুঁজাৰু আৰু শ্বহীদ সকলৰ পৰিয়ালৰ ঘৰে ঘৰে গৈ খা-খবৰ লৈ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ এক অধিসূচনা জাৰি কৰি ওদালগুৰি জিলাৰ জিলা আয়ুক্তৰ জৰিয়তে এই কাম সম্পন্ন কৰে | মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি ওদালগুৰি জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত চৰফৰাজ হকে মাজবাট ৰাজহ চক্ৰৰ ছয়গৰাকী মুক্তিযুঁজাৰু আৰু শ্বহীদৰ পৰিয়ালক ঘৰে ঘৰে গৈ ফুলাম গামোচা, আৰনাই আৰু এটি বিশেষ উপহাৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰি তেওঁলোকৰ লগত তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰি তাৎক্ষণিক সমাধানৰ এক সুব্যৱস্থাৰ সিদ্ধান্ত ঘোষণা কৰে | মাজবাট ৰাজহ চক্ৰৰ ৰৌতা গাওঁ ভিচিডিচিৰ হাতীমাৰা গাঁৱৰ ১৯৪২ চনত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি থানাত ভাৰতীয় পতাকা উত্তোলন কৰিবলৈ গৈ ব্ৰিটিছৰ গুলীত প্ৰাণ বিসৰ্জন দিয়া দয়াল দাস পানিকাৰ নাতিৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রেৰণ কৰা সম্বৰ্ধনা ওদালগুৰি জিলাৰ জিলা অতিৰিক্ত আয়ুক্ত চৰফৰাজ হকে প্রদান কৰে | একেদৰে মাজবাট ভিচিডিচিৰ নমাটি(ক) গাঁৱৰ নিৱাসী ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মুক্তিযুঁজাৰু প্রয়াত জয়নাথ ডেকা, ফুলগুৰি ভিচিডিচিৰ খৰামখা গাঁৱৰ নিৱাসী প্রয়াত মীৰা দত্ত , শইকীয়া চুবুৰি ভিচিডিচিৰ ধূপগুৰি গাঁৱৰ নিৱাসী প্রয়াত গেৰেমচা দৈমাৰী, গেলাবিল ভিচিডিচিৰ কাঠপুৰী গাঁৱৰ নিৱাসী ৰাউনী বালা কোচ, পাণবাৰী ভিচিডিচিৰ গৰীয়া পথাৰ গাঁৱৰ নিৱাসী প্রয়াত ৰাজেন বড়োৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক সম্বৰ্ধনা আৰু উপহাৰ প্ৰদান কৰে | উক্ত কাম সম্পন্ন কৰাৰ সময়ত জিলাৰ অতিৰিক্ত জিলা আয়ুক্তগৰাকীক সংগ দিয়ে সহকাৰী আয়ুক্ত ক্ৰান্তি দেৱী (এচিএছ) আৰু মাজবাট ৰাজহ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকাই | উক্ত কাম সমাপন কৰা বাবে মুক্তিযুঁজাৰুৰ পৰিয়ালসমূহে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে |
প্ৰেৰক প্ৰাঞ্জল কুমাৰ শৰ্মা