মণিপুৰৰ হিংসাৰ তদন্তৰ বাবে চিবিআইৰ ৫৩জনীয়া দল
বিশেষ বাৰ্তা, ১৭ আগষ্ট : মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে ২৯গৰাকী মহিলা বিষয়াসহ মুঠ ৫৩গৰাকী বিষয়াক নিযুক্তি দিয়া হৈছে। বৃহস্পতিবাৰে চিবিআইৰ সূত্ৰই এই সন্দৰ্ভত অৱগত কৰে। তদন্তকাৰী দলটোত ডি আই জি পৰ্যায়ৰ তিনিগৰাকী মহিলা বিষয়াক ‘পৰ্যবেক্ষক’ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ তদাৰক কৰিব চিবিআইৰ যুটীয়া সঞ্চালক ঘনশ্যাম উপাধ্যায়ে। সংস্থাটোৰ এক সূত্ৰই জনোৱা মতে, চিবিআইৰ ইতিহাসত কেতিয়াও কোনো ঘটনাৰ তদন্তৰ বাবে ইমান বৃহৎসংখ্যক বিষয়া নিয়োগ কৰা হোৱা নাই। চিবিআইৰ তদন্তকাৰী দলটোত অতিৰিক্ত দুগৰাকী ছুপাৰ আৰু ডেপুটি ছুপাৰ ৰেংকৰ ছয়গৰাকী মহিলা বিষয়াও আছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মণিপুৰত মহিলাৰ ওপৰত হোৱা হিংসাৰ গোচৰৰ তদন্তৰ বাবে চিবিআইৰ এই ‘পদক্ষেপ’ বুলি ধাৰণা কৰা হৈছে।