নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত দিল্লীৰ শ্বাহিন বাগত দীর্ঘদিন ধৰি ধর্ণা, প্রতিবাদী কার্যসূচী অব্যাহত ৰাখিছে প্রতিবাদকাৰীসকলে ৷ ‘কা’ বাতিলৰ দাবীত এইবাৰ শ্বাহিন বাগৰ প্রতিবাদকাৰীসকলে আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বাসগৃহলৈ সমদল উলিয়াব ৷ আজি দিনৰ দুই বজাত এই প্রতিবাদী দলটোৱে যাত্রা আৰম্ভ কৰিব ৷ শ্বাহিন বাগত সংবাদ মাধ্যমৰ আগত প্রতিবাদকাৰীসকলে মন্তব্য কৰে যে তেওঁলোকে অমিত শ্বাহৰ বাসগৃহলৈ যাবলৈ সিদ্ধান্ত এই বাবেই লৈছে, কিয়নো অলপতে গৃহমন্ত্রীজনে ঘোষণা কৰিছিল যে নাগৰিকত্ব সংশোধনী আইনক লৈ সৃষ্টি হোৱা সমস্যা সন্দর্ভত কোনোবাই আলোচনা কৰিব বিচাৰিলে তেওঁক সাক্ষাৎ কৰিব পাৰে ৷