নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানত ৰাজনৈতিক দলক নিষিদ্ধ তালিবানৰ

বিশেষ বাৰ্তা, ১৮ আগষ্ট : ক্ষমতা দখলৰ দুবছৰ সম্পূর্ণ হোৱাৰ লগে লগে আফগানিস্তানত গণতন্ত্রৰ ইতি টানিলে তালিবানে৷ দেশখনৰ আইন আৰু বিচাৰ মন্ত্রী আব্দুল হাকিম ছাৰেই এখন সংবাদ মেলত ঘোষণা কৰে যে শ্বৰিয়ট আইন মানি আফগানিস্তানৰ সকলো ৰাজনৈতিক দলক নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ আফগানিস্তানত ইছলামিক অনুশাসনৰ মাধ্যমত মানুহৰ দৈনন্দিন জীৱনচর্চা নিয়ন্ত্রিত হয় বুলি উল্লেখ কৰে মন্ত্রীগৰাকীয়ে৷ এনে পৰিস্থিতিত আফগানিস্তানত ৰাজনৈতিক দলবোৰৰ কোনো স্থান নাই৷ ৰাজনৈতিক দলৰ উপস্থিতি শ্বৰিয়ট আৰু ৰাষ্ট্রীয় স্বার্থৰ পৰিপন্থী বুলিও উল্লেখ কৰে মন্ত্রীগৰাকীয়ে৷ অর্থাৎ আফগানিস্তানত গণতন্ত্রৰ সকলো পথ বন্ধ কৰিলে তালিবানে৷

You might also like