নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ ডিমাকুছিত শোকাৱহ ঘটনা

🔹 হাতীৰ আক্ৰমণত এজনৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে পুনৰ ওদালগুৰি জিলাৰ ২নং উত্তৰ ডিমাকুছি গাঁৱত শোকাৱহ ঘটনা সংঘটিত হৈছে। ভাৰত-ভূটান সীমান্তৰ অঞ্চলসমূহত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বৃহৎ বনৰীয়া হাতীয়ে আজি পুৱা প্ৰায় ৪.৩০ বজাত ডিমাকুছি গাঁৱত প্ৰৱেশ কৰে । জাকৰ পৰা ফালৰি কাটি অহা এটা গজৰাজে ভেৰগাঁৱৰ ২নং উত্তৰ ডিমাকুছিত গিৰিধাৰী ৰাজবংশী নামৰ ব্যক্তিজনৰ ঘৰটো ভাঙি চূৰমাৰ কৰে। ইফালে, নিজ সন্তানৰ প্ৰাণ বচাবলৈ ঘৰৰ পৰা বাহিৰ ওলাই আহোঁতেই গিৰিধাৰী ৰাজবংশীক হাতীয়ে খেদি গচকি থিতাতে নিহত কৰে। আনহাতে, কণমানি পুত্ৰৰ কথমপি জীৱন ৰক্ষা পৰে। বনৰীয়া হাতীৰ গচকত থিতাতে নিহত হয় গিৰিধাৰী ৰাজবংশী (৫৫) নামৰ ব্যক্তিজন । দিনৰ পোহৰত চাহ বাগিচাৰ মাজত আশ্ৰয় লৈ থকা বৃহৎ বন্যহস্তীৰ জাকে প্ৰতিদিনা নিশা হ’লেই গ্ৰাম্যাঞ্চলত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ, খেতিপথাৰ তহিলং কৰাৰ লগতে বিদ্যালয়, চিকিৎসালয় ,নামঘৰো ভাঙি চূৰমাৰ কৰি আহিছে । প্ৰতিদিনে বন্যহস্তীয়ে এনেদৰে উপদ্ৰৱ চলাই অহাৰ পিছতো চৰকাৰ তথা বিয়াগোম বন বিভাগটোৱে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে জনপ্ৰতিনিধি আৰু বন বিভাগৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী ৰাইজ । দীৰ্ঘদিন ধৰি ডিমাকুছি অঞ্চলত হাতী-মানুৰ সংঘাত বৃদ্ধি পাই আহিছে যদিও সমস্যা সমাধানত ব্যৰ্থ হৈছে বিভাগটো ৷ বিগত দুমাহতে বৃহত্তৰ ডিমাকুছিৰ বিভিন্ন প্ৰান্তত ১০গৰাকীতকৈও অধিক ব্যক্তি নিহত হোৱাৰ বিপৰীতে বিভিন্ন কাৰণত ৬/৭ টাকৈ বনৰীয়া হাতীৰো মৃত্যু হয় । তথাপি বনমন্ত্ৰী কুম্ভকৰ্ণ নিদ্ৰাত। মৃতকৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনোৱাৰ লগতে শীঘ্ৰে হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী, ৰাজ্য চৰকাৰ, বিটিচি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় স্থানীয় ৰাইজে ।

 প্ৰেৰক পিংকু কলিতা

You might also like