নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ৰামলীলা ময়দানত কেজৰিৱালৰ শপতগ্রহণ

নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ দেশৰ ৰাজধানী দিল্লীত আজি তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিব আম আদমী পার্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ৷ ঐতিহাসিক ৰামলীলা মৈদানত আয়োজিত এই শপতগ্রহণ অনুষ্ঠানৰ মঞ্চ শুৱনি কৰিব ৫০ বিশেষ অতিথিয়ে ৷ বিগত কার্যকালৰ উপ–মুখ্যমন্ত্রী তথা শিক্ষামন্ত্রী মনীষ চিছোদিয়াই প্রকাশ কৰা মতে শপতগ্রহণ কৰা কেবিনেট মন্ত্রীৰ লগতে দিল্লী নির্মাণৰ গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা ৫০ বিশেষ অতিথিয়ে মঞ্চ শুৱনি কৰিব ৷ এই ৫০ বিশেষ অতিথি হিচাপে থাকিব অংগনৱাড়ী কর্মী, দুৱাৰে দুৱাৰে তথ্য যোগান ধৰা কর্মী, শিক্ষা–স্বাস্থ্য সেৱাকর্মী, কৃষক, ফৰেষ্ট আঁচনিৰ কর্মী, চাফাই কর্মচাৰী, ৰাজহুৱা বাছ সেৱাৰ কর্মী, বাছ মার্চালকে ধৰি বিভিন্ন খণ্ডৰ বিশেষ ব্যক্তি৷ তদুপৰি অগ্নিনির্বাপক বাহিনীৰ যি কর্মীয়ে কর্তব্যৰত অৱস্থাত প্রাণ হেৰুৱাইছিল, তেওঁলোকৰ পৰিয়ালৰ লোক, অটোচালক, মেট্র’ চালকো শপতগ্রহণ কৰিবলগীয়া মুখ্যমন্ত্রী কেজৰিৱালৰ সৈতে একেখন মঞ্চতে থাকিব৷ আনপিনে, শিক্ষাখণ্ডৰ স্কুলৰ পিয়ন, শিক্ষার্থী, মহল্লা ক্লিনিকৰ চিকিৎসক, বাইক এম্বুলেঞ্চচালকেও মঞ্চত আসন শুৱনি কৰিব ৷

You might also like