বিবদমান স্থানৰ পৰা সেনা আঁতৰ নকৰে চীনে
🔹 ১৯সংখ্যক সামৰিক বৈঠকত ভাৰতৰ প্রস্তাৱ অগ্রাহ্য বেইজিঙৰ
বিশেষ বাৰ্তা, ১৮ আগষ্ট : আগন্তুক সপ্তাহত দক্ষিণ আফ্রিকাত অনুষ্ঠিত হ’বলগীয়া ‘ব্রিক্ছ’ সন্মিলনত মুখামুখি হ’ব ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু চীনৰ ৰাষ্ট্রপতি ঝি জিনপিং৷ কিন্তু ইয়াৰ পূর্বে কার্যতঃ ব্যর্থ হ’ল ভাৰত–চীনৰ সেনা বিষয়াসকলৰ ১৯সংখ্যক বৈঠক৷ পূব লাডাখৰ সীমান্ত সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ চুছুল–মলডো সীমান্তৱর্তী অঞ্চলত দুয়োখন দেশৰ সেনা বিষয়াসকল বৈঠকত মিলিত হৈছিল৷ এক সূত্রই সদৰী কৰা অনুসৰি, ডেপছাং আৰু ডেমচক অঞ্চলৰ পৰা নিজৰ সেনা আঁতৰাই নিবলৈ ৰাজী হোৱা নাই চীন৷ বিৰোধী দলসমূহৰ মতে, বিগত তিনি বছৰত অন্যান্য বৈঠকৰ দৰে এইবাৰো প্রতিৱেশী দেশ দুখনৰ সেনাৰ বৈঠক ব্যর্থ হৈছে৷ গালৱান সংঘর্ষৰ পূর্বৰ স্থিতাৱস্থা কেতিয়া উভতিব, তাক লৈ প্রশ্ণ তুলি সৰৱ হৈছে বিৰোধী দলসমূহ৷ অৱশ্যে চৰকাৰৰ এটি সূত্রই সদৰী কৰা অনুসৰি শেহতীয়া বৈঠক ব্যর্থ হোৱা নাই৷ ইয়াৰ পূর্বে এপ্রিল মাহত হোৱা বৈঠকত দুয়োখন দেশে যৌথ বিবৃতি দিবলৈ সক্ষম হোৱা নাছিল৷ কিন্তু এইবাৰ যৌথ বিবৃতি প্রকাশ কৰি দুয়োখন দেশে সীমান্তত শান্তি আৰু সুস্থিৰতা অক্ষত ৰখাৰ বিষয়টোত সহমত পোষণ কৰিছে৷ আলোচনাৰ জৰিয়তে সীমান্তলৈ শান্তি ওভতাই অনা বিষয়টোতো গুৰুত্ব দিছে দুয়োখন দেশৰ সেনাই৷