নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, তিনিজনৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ১৮ আগষ্ট : মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। শুকুৰবাৰে পুৱতি নিশা সংঘৰ্ষত কমেও তিনিজন লোকে প্ৰাণ হেৰুৱাইছে। উখৰুল জিলাত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, নিহত আটাইকেইজন কুকি সম্প্ৰদায়ৰ। প্ৰসংগক্ৰমে উল্লেখ্য যে অগ্নিগৰ্ভা মণিপুৰত হত্যাৰ শেষ খবৰটো আহিছিল ৫ আগষ্টত। প্ৰায় এপষেক পিছত শুকুৰবাৰে পুনৰ হিংসাৰ খবৰ পোহৰলৈ আহে। উখৰুলৰ এছ পি এন ভাছুমে জনোৱা মতে, শুকুৰবাৰে পুৱা প্ৰায় ৪:৩০ বজাত থৌয়াই কুকি গাঁৱত একাংশ দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে। পাহাৰৰ গাতে লাগি থকা অঞ্চলৰ পৰাই গাঁওখনলৈ গুলীচালনা আৰম্ভ কৰে। গাঁওৰক্ষী বাহিনীৰ ওপৰত গুলী নিক্ষেপ কৰা হয়। থিতাতে মৃত্যু হয় তিনিজন কুকি লোকৰ। এই ঘটনাত এতিয়ালৈকে কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই। অৱশ্যে এই অঞ্চলত নিৰাপত্তা কটকটীয়া কৰা হৈছে। ইতিমধ্যে মণিপুৰ আৰক্ষী আৰু ভাৰতীয় সেনাৰ যুটীয়া বাহিনীয়ে দোষীৰ সন্ধান আৰম্ভ কৰিছে।

You might also like