কোহলিক স্বাধীনতা দিয়কঃ আৰ চি বিক আহ্বান মালিয়াৰ
নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে নতুন জার্ছী আৰু নতুন ল’গো মুকলি কৰি আগন্তুক আই পি এললৈ সাজু হোৱাৰ সময়তে দলটোৰ প্রাক্তন স্বত্বাধিকাৰী বিজয় মালিয়াই কৈছে যে অধিনায়ক বিৰাট কোহলিক আৰ চি বিয়ে সম্পূর্ণ স্বাধীনতা দিয়া উচিত ৷ টুইটাৰত তেওঁ কোহলিক ভূয়সী প্রশংসা কৰি কয় যে ভাৰতীয় ১৯ বছৰ অনূর্ধ্ব দলৰ হৈ খেলাৰ পিছতে কোহলিয়ে আৰ চি বিৰ শিবিৰত যোগ দিছিল ৷ তেওঁ ভাৰতীয় দলক দক্ষতাৰে নেতৃত্ব দি সফলতাৰ শিখৰলৈ লৈ গৈছে আৰু নিজেও অনন্য সুন্দৰ প্রদর্শন আগবঢ়াই আহিছে ৷ আৰ চি বিয়ে তেওঁক সম্পূর্ণ স্বাধীনতা দিয়া উচিত ৷ আৰ চি বিৰ সকলো অনুৰাগীয়ে দীর্ঘদিনৰ পৰা আই পি এলৰ ট্রফীলৈ অপেক্ষাৰে বাট চাই আছে ৷ মন কৰিবলগীয়া যে ২০০৮ৰ আৰম্ভণি বর্ষৰ পৰা আই পি এল খেলি অহা আৰ চি বিয়ে প্রতিযোগিতাখনত এবাৰো খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাই ৷