বিশেষ বাৰ্তা, ১৮ আগষ্টঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে কেবিনেট পদৰ পৰা পদত্যাগ কৰাৰ পিচতেই তেওঁৰ বিৰুদ্ধে সৰৱহৈ পৰিছে নগাঁও ক্ৰীড়া সংস্থাৰ সম্পাদক তথা বিজেপি নেতা তপন দাস। আজি দাসে নগাঁৱত সাংবাদিকৰ আগত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ বাবেই নগাঁও ক্ৰীড়া সংস্থাৰ ব্যায়ামাগাৰ বন্ধ হৈ আছিল বুলি মন্তব্য কৰে।তেওঁ কয় যে-২০১৭ চনৰ পৰাই নগাঁও ক্ৰীড়া সন্থাৰ ব্যায়ামাগাৰ বন্ধ হৈ আছে।ব্যায়ামাগাৰৰ সামগ্ৰী আতৰাই গোহাঁইয়ে কোঠাত ব্যক্তিগত নিৰাপত্তাৰক্ষী ৰাখিছিল।ফলত ব্যায়ামৰ সুবিধাৰ পৰা বিগত ৬ বছৰে নগাঁৱৰ খেলুৱৈ সকল বঞ্চিত হৈ আছে ।তেওঁ কয় যে- ২০১৭ চনৰ পৰা এই বছৰৰ ১৮জুলাই লৈকে ৰাজেন গোহাঁই নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতিৰ দায়িত্বত আছিল।’ নগাঁও ক্ৰীড়া সংস্থাৰ সম্পাদকজনে বৰ্তমানেও ব্যায়ামাগাৰটো গোঁহাইৰ নিৰাপত্তাৰক্ষীৰ কৱলত আছে বুলি অভিযোগ কৰে। নগাঁও ক্ৰীড়া সংস্থাৰ সমিতিয়ে বহুবাৰ ব্যায়ামাগাৰটো মুকলি কৰি দিবলৈ ৰাজেন গোহাঁইক আহ্বান জনোৱাৰ পিচতো তেওঁ গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰে। উল্লেখযোগ্য যে সুদীৰ্ঘ দিন নীৰৱতা অৱলম্বন কৰাৰ পিচত প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইয়ে পদত্যাগ কৰাৰ পিচতেই তেওঁৰ বিৰুদ্ধে নগাঁও ক্ৰীড়া সংস্থাৰ সম্পাদকজন সৰৱহৈ পৰা কাৰ্য ৰহস্যজনক বুলি চৰ্চিত হৈছে।
Prev Post