নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দোতমা সমূহীয়া স্বাস্থ্যকেন্দ্ৰক প্ৰশংসা পত্ৰ বিটিচিপ্ৰধানৰ

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট : কোকৰাঝাৰ জিলাৰ অধীনৰ দোতমা সমুহীয়া স্বাস্থ্যকেন্দ্ৰই বিগত দিনবিলাকত প্ৰধানমন্ত্ৰী জনআৰোগ্য যোজনাৰ অধীনত উৎকৃষ্ট সেৱা আগবঢ়াই সৰ্বসাধাৰণক সকাহ দি অহা বাবে বিটিচিপ্ৰধান প্ৰমোদ বড়োই প্ৰশংসা পত্ৰ প্ৰদান কৰে । প্ৰমোদ বড়োৰ পৰা প্ৰশংসা পত্ৰ লাভ কৰি দোতমা সমূহীয়া চিকিৎসা কেন্দ্ৰৰ অধ্যক্ষ বি আৰ বৰ্মনৰ লগতে চিকিৎসা কেন্দ্ৰটোৰ চিকিৎসক-নাৰ্ছ সকলো উৎফল্লিত হৈ পৰিছে আৰু কামৰ উৎসাহ দ্বিগুণ বৃদ্ধি হৈছে বুলি প্ৰকাশ কৰে । ইপিনে, দোতমা সমুহীয়া চিকিৎসা কেন্দ্ৰটোক উৎকৃষ্ট কামৰ মান্যতা দিয়াৰ বাবে দোতমা অঞ্চলৰ সচেতন মহলে বিটিচিপ্ৰধান প্ৰমোদ বড়োক ধন্যবাদ জনাইছে আৰু চিকিৎসা কেন্দ্ৰটোৰ উন্নয়নৰ বাবে অধিক সা-সঁজুলি যোগান ধৰি চিকিৎসা কেন্দ্ৰটোৰ উন্নয়ন কৰি দিবলৈ আহ্বান জনাইছে । উল্লেখ্য যে দোতমা সমূহীয়া চিকিৎসালয়ৰ চিকিৎসক ডা: বি আৰ বৰ্মনৰ একক প্ৰচেষ্টাৰ বাবেই এনেধৰণৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like