নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভালপোৱাৰ বাট

  • দাদুল দেৱকৃষ্ণ বৰুৱা

ভালপোৱা কি?

ভালপোৱা কোমল ঘাঁহবোৰৰ দৰে সেউজীয়া নে পূৰঠ পাতবোৰৰ দৰে হালধীয়া? ভালপোৱা ৰ’দৰ দৰে নে বৰষুণৰ দৰে? ভালপোৱাই দৃঢ় কৰে নে ভাঙে? ভালপোৱাই বিচাৰে নে দিয়ে? ভালপোৱা হাঁহি নে উচুপনি? ভালপোৱা প্রসন্নতা নে বিষণ্ণতা?
ভালপোৱা মানে তাজমহল নে আন কিবা নাজানো৷ নাজানো জয়মতী নে জংকী–পানেই৷ আচলতে ভালপোৱা কি ইমান সহজে কৈ দিব পৰা নাযায়৷ চেইণ্ট ভেলেণ্টাইনৰ নামত ভালপোৱা দিৱস উদ্যাপন কৰাৰ বাহ্যিকতা আৰু বাস্তৱ পৃথিৱীত ক্ষণিকৰ হতাশাই ভালপোৱাক মৰীচিকাৰ দৰে কৰি তোলাৰ সময়ত বাৰে বাৰে মূর্ত হৈ উঠে এটা শব্দ– মাঝি৷ এটা নাম– দশৰথ মাঝি৷
ক’বলৈ মন যায় দশৰথ মাঝি শ্রেষ্ঠ প্রেমিক৷ ভালপোৱা আৰু প্রেমত দশৰথ মাঝি ইমানেই মজিছিল যে পাষাণ পাহাৰ কাটি কাটি উলিয়াইছিল বাট৷ এই বাট কেৱল শিল কাটি উলিওৱা বাটেই নহয়, এই বাট পৰিস্থিতি আৰু পৰিৱেশৰ প্রতিকূলতাক ওফৰাই হূদয়ৰ পৰা হূদয়লৈ যাব পৰা ভালপোৱাৰ বাট৷
লেবানিজ কবি খলিল জিব্রানে কৈছিল– ‘…তুমি তোমাৰ ভয় আৰু আশংকাত যদি প্রেমৰ পৰা কেৱল শান্তি আৰু আনন্দহে বিচাৰা, তেনেহ’লে তুমি তোমাৰ নগ্ণতা ঢ়াকি প্রেমৰ মৰণা মৰা পথাৰখনৰ পৰা ওলাই অহাটোৱেই ভাল৷ আৰু তেতিয়া ঋতুহীন পৃথিৱীত তুমি তোমাৰ আটাইখিনি হাঁহিৰে হাঁহিব নোৱাৰিবা, আৰু কান্দিলেও আটাইখিনি চকুলোৰে কান্দিবও নোৱাৰিবা৷’
দশৰথ মাঝিয়ে আটাইখিনি হাঁহিৰে হাঁহিব পাৰিছিলনে নাই নাজানো৷ আটাইখিনি চকুলোৰে কান্দিব পাৰিছিলনে নাই নাজানো৷ কিন্তু এটা কথা জানো– দশৰথ মাঝিয়ে ভালপোৱাৰ বাবেই, প্রেমৰ বাবেই কাটি উলিয়াইছিল শিলুৱা বাট এটা৷ যিটো বাটেৰে হূদয় থকা আৰু হূদয়হীন মানুহৰ এতিয়া সঘন অহা–যোৱা৷ এটা কথা মনে–প্রাণে ভাবোঁ– ভালপোৱাই দেখুৱাই যোৱা বাটেৰে গৈ দশৰথ মাঝিয়ে কাটি উলিয়াইছিল বাস্তৱত ভালপোৱাৰ এই বাট৷ যাৰ নাম দিয়া হৈছে– দশৰথ মাঝি পথ৷ মোৰ কিন্তু ব্যক্তিগত মত, এই বাটৰ নাম দিয়া ভাল আছিল– ফাগুনীয়া পথ অথবা ভালপোৱাৰ বাট৷
ভালপোৱা বৰ কোমল৷ কিন্তু শক্তিশালী কৰি তোলে ভালপোৱাৰ পোহৰেৰে প্রোজ্জল হৈপৰা লোকসকলক৷ তাৰ উদাহৰণ দশৰথ মাঝি– মাঝি দ্য মাউণ্টেইন মেন৷ ভালপোৱাৰ এধানি উম বুকুত বান্ধি, ভালপোৱাৰ এখন আকাশ চকুত আঁকি দশৰথ মাঝিয়ে এটুকুৰ এটুকুৰকৈ কাটিছিল কঠিন শিলৰ পাহাৰ৷ দশৰথ মাঝিৰ ভালপোৱাৰ শক্তি ইমান বেছি আছিল যে সাধাৰণ চেনিৰে কাটি কাটি, হাতুৰীৰে কোবাই কোবাই ভাঙি পেলাইছিল পাহাৰৰ দম্ভ৷ মোকলাইছিল বাট– ভালপোৱাৰ বাট৷ ভালপোৱাৰ অভাৱত খৰাং হৈ অহা পৃথিৱীত দশৰথ মাঝিয়ে কাটি উলিওৱা এই বাট তাজমহলৰ দৰেই এক মহত্ত্বতম কীর্তি৷
দশৰথ মাঝিৰ দৰে মন মৌঝি মানুহৰ বাবেহে যেন সঁচা ভালপোৱা আছিল বা আছে বুলি ক’বৰ মন যায় এই পৃথিৱীত৷ ভালপোৱাৰ বাট কটা দশৰথ মাঝিও আমাৰ দৰেই সাধাৰণ শৰীৰ এটাৰ গৰাকী৷ তথাপি কিমান ব্যতিক্রম৷ এই ব্যতিক্রম ভালপোৱাৰ বাবে৷ এই ব্যতিক্রম প্রেমৰ বাবে৷
ৰাজ্য– বিহাৰ৷
জিলা– গয়া৷
এখন সৰু গাঁও গেহল’ৰ৷
কেৱল সৰুৱেই নহয়, উন্নয়নৰ বিপৰীত প্রতিচ্ছবি এখন দাঙি ধৰা, মানৱতাক ভূ–লুণ্ঠিত কৰি অহা সামন্তীয় শাসন চলা
এখন গাঁও৷ কাষতে থকা চীনৰ প্রাচীৰৰ দৰে লগা ৰাজগীৰ পর্বতমালাৰ অন্তর্গত এটা শিলুৱা পাহাৰে গাঁওখনক যেন পৃথিৱীৰ আন ঠাইৰ পোহৰেৰে জিলিকি উঠাত সদায় বাধা দি আহিছিল৷ সেই শিলৰ পাহাৰৰ কাষৰীয়া গেহল’ৰতেই জন্ম হৈছিল পাষাণ পাহাৰ কাটি ভালপোৱাৰ বাট উলিওৱা দশৰথ মাঝিৰ৷ সেয়া আছিল ১৯৩৪ চনৰ কথা৷ ‘মুচাহাৰ’ নামৰ দলিত শ্রেণীত জন্ম হোৱা দশৰথ মাঝি সৰুকালতেই ঘৰ এৰি গুচি গৈছিল৷ ধানবাদৰ কয়লাখনিৰ আন্ধাৰত কাম কৰি কৰি যুৱক অৱস্থাপ্রাপ্ত হোৱাৰ পিছত উভতিছিল জন্ম গাঁও গেহল’ৰলৈ৷ গেহল’ৰৰ আন দহজন ডেকাৰ দৰেই দশৰথ মাঝিয়েই বিয়া কৰাইছিল ফাল্গুনী দেৱী ওৰফে ফাগুনীক৷ দশৰথ মাঝিৰ বাবে ফাল্গুনী দেৱী আছিল মৰমৰ ফাগুনীয়া৷
ফাগুনীয়া কেৱল পত্নীয়েই নাছিল দশৰথ মাঝিৰ৷ তেওঁ আছিল দশৰথ মাঝিৰ ভালপোৱা, আছিল প্রেম৷ তেওঁ আছিল দশৰথ মাঝিৰ জীৱন৷ প্রতিটো মুহূর্তৰ ভাবনাৰ সংগী৷ ফাগুনীয়াৰ প্রতি দশৰথ মাঝিৰ ভালপোৱাৰ টান ইমানেই সুগভীৰ আছিল যে সেই ভালপোৱাই তেওঁক ২২ বছৰ ধৰি কেৱল এটা হাতুৰী আৰু চেনিৰে পাহাৰৰ শিল কাটিবলৈ শক্তি দিছিল৷ প্রেৰণা যোগাইছিল৷ এনে ভালপোৱা জগতত বিৰল৷ এনে ভালপোৱা মানুহৰ মাজত বিৰল৷
বিয়া–বাৰু হৈছিল৷ সংসাৰ বাঢ়িছিল৷
দশৰথ মাঝিৰো কাম বাঢ়িছিল৷ জীৱিকা হিচাপে ল’লে আনৰ কৃষিকর্মত শ্রম কৰাৰ কষ্টকৰ পথ৷ তেজক পানী কৰি, হাডক মাটি কৰি পেটৰ খজুৱতি মাৰিবলৈ ইয়াৰ বাদে সেই সময়ৰ গেহল’ৰত আন উপায় নাছিল বুলিবই পাৰি৷ এনেদৰে আনৰ খেতিপথাৰত কাম কৰি থকাৰ মাজৰে এটা বিশেষ দিন আছিল সেইটো৷ যিটো দিনত দশৰথ মাঝিৰ জীৱনকালৰ সবাতোকৈ মর্মন্তুদ ঘটনাটো ঘটিছিল৷ যি ঘটনাই ভালপোৱাৰ বাট কাটিবলৈ পৰৱর্তী সময়ত দশৰথ মাঝিক কৈ আছিল কাণে কাণে৷
আনদিনাৰ দৰে সেইদিনাও খেতিপথাৰত কাম কৰি থকা পতিক দুপৰীয়াৰ আহাৰ দিবলৈ গৈছিল ফাল্গুনী দেৱী ওৰফে ফাগুনীয়া৷ পাষাণ পাহাৰ কিমান নিষ্ঠুৰ, সেইদিনা বুজি পাইছিল দশৰথ মাঝিয়ে৷ কাৰণ দুপৰীয়াৰ আহাৰ দিবলৈ যোৱা দশৰথৰ মৰমৰ ফাগুনীয়াৰ ভৰি পিছল খাইছিল পাহাৰত৷ তললৈ খহি পৰিছিল ফাগুনীয়া৷ তেজে তুমৰলি হৈ পৰিছিল৷ পাহাৰৰ পৰা খহি পৰা ফাগুনীয়াৰ প্রাণ পখী হেৰাই গৈছিল কোনোবা নিজানত৷ কিন্তু দশৰথৰ মনৰ নিজানৰ পৰা জানো হেৰাব পাৰে তেওঁৰ প্রিয়তমাৰ ভালপোৱা?
ভালপোৱা কাঢ়ি নিয়া পাষাণ পাহাৰক ঘৃণাৰে বুৰাই দিব বিচাৰিলে দশৰথে৷ জীৱন কাঢ়ি নিয়া পাহাৰৰ দম্ভ ওফৰাই পেলোৱাৰ পণ ল’লে দশৰথে৷ যি পাহাৰৰ পৰা পৰি প্রাণ গৈছিল ফাগুনীয়াৰ, সেই পাহাৰ শিখৰত থিয় হৈ দশৰথে কৰিলে ঘোষণা– ‘যেতিয়ালৈকে নাভাঙিম, তেতিয়ালৈকে নেৰিম৷’
মানুহে দশৰথক বলিয়া আখ্যা দিলে৷ কেৱল এটা হাতুৰী আৰু এটা চেনিৰে শিলৰ পাহাৰ কাটি বাট উলিয়াবৰ বাবে দশৰথে কৰা শ্রমক কোৱা হ’ল বলিয়ালি বুলি৷ এয়াই স্বাভাৱিক৷ কাৰণ বলিয়ালি নকৰিলে এনে এটা কষ্টসাধ্য কাম সম্পাদন কৰাটো জানো সম্ভৱপৰ? দশৰথ মাঝিৰ দৰে মন মৌঝি মানুহৰ বাবেহে এনে এটা অবাস্তৱিক কামক বাস্তৱ ৰূপ দিয়াটো সম্ভৱ৷ বাহ্যিক দৃষ্টিত দশৰথ মাঝিয়ে হাতত হাতুৰী লৈ পাহাৰ ভাঙিবলৈ যোৱা ‘কাৰবাৰ’টো বলিয়ালি যেন লাগিলেও দশৰথ মাঝিৰ বাবে সেয়া আছিল ভালপোৱাই দেখুওৱা সর্বোত্তম বাট৷ যি বাটেৰে বাট বুলি, দেহৰ ঘাম আৰু তেজ পাহাৰত পেলাই কাটি উলিয়াইছিল তেওঁ ভালপোৱাৰ বাট৷ যি বাটে আজিও জিলিকাই আছে ভালপোৱাৰ আকাশ৷ দশৰথ মাঝিৰ বুকুতো যে আছিল ভালপোৱাৰ পুৰাতন এটা বাট৷ আচলতে প্রতিজন মানুহৰ বুকুতেই থাকে ভালপোৱাৰ বাট একোটা৷ কোনোবা সেই বাটেৰে যায়, যিসকল যায় তেওঁলোক বিৰল ব্যতিক্রম৷
এটা এটা দিন যায়৷ এটা এটা ৰাতি যায়৷ দিনত পাহাৰ কটা ভাগৰ৷ তথাপি ৰাতি যেন শুব নোৱাৰে দশৰথ৷ কিবা এটা ভাবনাই খেদি ফুৰে দশৰথক৷ কিবা এটা নহয়, ফাগুনীয়াৰ ভাবনা লগে লগে থাকে দশৰথৰ৷ ৰাতি সপোনত কথা পাতে৷ দশৰথক উৎসাহ দিয়ে৷ সেই উৎসাহ জানো ফাগুনীয়া নামৰ সত্তাটোৱে দিয়া উৎসাহ? আচলতে সেই উৎসাহ ভালপোৱাই দিয়া উৎসাহ৷
হতাশ দশৰথক শক্তি দিয়ে ফাগুনীয়াই৷ শক্তি দিয়ে ভালপোৱাই৷ পাষাণ পাহাৰৰ গর্ব চূর্ণ কৰিবৰ বাবে দশৰথে যি পণ লৈছিল, সেই পণৰ কথা সদায় সোঁৱৰাই আছিল ভালপোৱাই৷ সম্রাট ছাহজাহানে মমতাজৰ স্মৃতিত সজোৱা তাজমহলৰ দৰেই দশৰথে ভালপোৱাৰ থাপনাত সজাব বিচাৰিছিল শিলৰ পাহাৰ কাটি উলিওৱা বাটটো৷ তাজমহলতকৈও দশৰথ মাঝিয়ে কাটি উলিওৱা বাটটো ব্যক্তিগতভাৱে মই প্রেম–ভালপোৱাৰ প্রতীক হিচাপে মই আগত ৰাখোঁ৷ কাৰণ ছাহজাহানৰ দৰে দশৰথৰ নাছিল কোনো শ্রমিক বাহিনী৷ দশৰথৰ আছিল সকলোতকৈ মহত্ত্বম সম্পদ৷ সেয়াই হৈছে ভালপোৱা৷ কিমান ভাল পালে কাৰোবাৰ বাবে জীৱনৰ ২২টা বছৰ উছর্গা কৰিব পাৰি, সেয়া দশৰথ মাঝিতকৈ আন কাৰোৰে পৰা শিকিব নোৱাৰি৷
হয়, ২২ বছৰ৷ এদিন এদিনকৈ পূর্ণ হৈছিল ২২ বছৰ৷ ২২ বছৰীয়া শ্রমৰ অন্তত দশৰথ মাঝিয়ে শিলুৱা পাহাৰ কাটি কাটি উলিয়াইছিল ৩৬০ ফুট দীঘল, ২৫ ফুট গভীৰ আৰু ৩০ ফুট বহল বাট৷ এই বাট ভালপোৱাৰ বাট৷ এই বাট হেঁপাহৰ বাট৷ দশৰথ মাঝিৰ এই অসাধ্য সাধনে ৱজীৰগঞ্জ আৰু আত্রিৰ দূৰত্ব পূর্বৰ ৮০ কিলোমিটাৰৰ পৰিৱর্তে ১০ কিলোমিটাৰলৈ চমুৱাই পেলালে৷ এয়া কেৱল সম্ভৱ হৈছিল ভালপোৱাৰ বাবে৷ দশৰথ আৰু ফাগুনীয়াৰ ভালপোৱাৰ বাবে৷ ভালপোৱাৰ শক্তি সঁচাকৈয়ে মহান৷
পাষাণ পাহাৰটোৰ বাবেই ফাগুনীয়াক সময়মতে চিকিৎসালয়ত ভর্তি কৰাব পৰা নাছিল বাবেই ভালপোৱা হেৰুৱাইছিল দশৰথ মাঝিয়ে৷ কিন্তু সেই পাহাৰৰ দর্প চূর্ণ কৰি দশৰথ মাঝিয়ে আন কোনোৱেই যাতে তেওঁৰ দৰে ভালপোৱা হেৰুৱাবলগীয়া নহয়, তাক নিশ্চিত কৰিছিল৷ দশৰথ মাঝিৰ ভালপোৱাই যি উচ্চতা লভিলে, সেই উচ্চতাৰ সন্মুুখত পাহাৰৰ উচ্চতা তেনেই নগণ্য হৈ পৰে৷
কিমান যে প্রতিকূলতা৷
কিমান যে অৱহেলা৷
কিমান যে লাঞ্ছনা–গঞ্জনা৷
তথাপি অলৰ অচৰ দশৰথ মাঝি৷ অবিচল নিজৰ সিদ্ধান্তত– ‘নভঙালৈকে নেৰোঁ৷’ ভালপোৱাই শিপা মেলা বুকু এখনৰ গৰাকী দশৰথ মাঝিয়ে সেয়ে পাষাণ পাহাৰ কাটি বাট উলিওৱাৰ দিনা যেন আকাশে–বতাহে বৈ গৈছিল কোনেও নুশুনা এই কথা– পৃথিৱীত প্রেম আছে৷ শৰীৰ নাথাকিব পাৰে, কিন্তু প্রেমৰ প্রোজ্জ্বলতা সদায় থাকে৷ ভালপোৱাৰ ৰ’দ সদায় আছে৷ আছে বাবেই দশৰথ মাঝিয়ে শিলৰ পাহাৰ কাটি উলিয়াব পাৰিলে ভালপোৱাৰ বাট৷ ভালপোৱাৰ শক্তিক ভেটিবলৈ কোনো পাহাৰৰ চূডা নাই, সামৰি থ’বলৈ আকাশ নাই, উৰুৱাই নিবলৈ বতাহ নাই৷ মৰমে চপচপীয়া কৰি ৰখা বুকুত অহৰহ বাজি থাকে ভালপোৱাৰ সুহুৰি৷ আস্ সুহুৰিতো যে আছে অমিয়া মাধুৰী৷
দশৰথ মাঝি আজি নাই৷ ১৯৬০ চনৰ পৰা ১৯৮২ চনলৈকে ২২ বছৰ ধৰি শিলৰ পাহাৰ কাটি কাটি বাট উলিওৱা দশৰথ মাঝিয়ে ২০০৭ চনৰ ১৭ আগষ্টত নতুন দিল্লীস্থিত সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানত শেষ নিশ্বাস ত্যাগ কৰে৷ শিলুৱা পাহাৰৰ দর্প মষিমূৰ কৰা দশৰথ মাঝিক কাবু কৰি পেলাইছিল কর্কট ৰোগে৷ বিহাৰ চৰকাৰে দশৰথ মাঝিক ৰাজ্যিক সন্মানেৰে সৎকাৰ কৰিছিল আৰু ২০০৬ চনত তেওঁৰ মৃত্যুৰ পূর্বেই পদ্মশ্রী বঁটা প্রদানৰ নাম মনোনয়নৰ বাবে সংশ্লিষ্ট পক্ষক আহ্বান জনাইছিল৷ ২০১৬ চনৰ ২৬ ডিচেম্বৰত ভাৰতীয় ডাক বিভাগে দশৰথ মাঝিৰ ছবিসম্বলিত এটা ডাক টিকটৰ প্রচলন আৰম্ভ কৰে৷ দশৰথ মাঝিৰ জীৱন আৰু কর্মক লৈ বিভিন্ন ৰচনা ৰচিত হৈছে৷ নির্মাণ হৈছে কথাছবি আৰু তথ্যচিত্র৷
দিন–কাল সলনি হৈছে৷ দশৰথ মাঝিৰ প্রেম–ভালপোৱা আৰু এতিয়া ‘হাইটেক’ যুগৰ ভালপোৱাৰ মাজত কিমান প্রভেদ, সেই কথা দোহৰাৰ প্রয়োজন নিশ্চয় নাই৷ এতিয়া ভালপোৱা বহুতৰ বাবে হাথিয়াৰ৷ এতিয়া ভালপোৱা বহুতৰ বাবে চিকাৰ৷ ভালপোৱাৰ নামত চলে ব্যভিচাৰ৷ কিন্তু ভালপোৱাতো কেৱল এটা শব্দ নহয়৷ সেয়া আমাক কৈ গৈছে অদেখা অতীতৰ বহু প্রেমিক–প্রেমিকাই৷ সৌ সিদিনা মাত্র কেইটামান বছৰৰ আগতে আমাৰ মাজৰ পৰা হেৰাই যোৱা দশৰথ মাঝিয়ে৷
বহুতৰ বাবে এতিয়া ভালপোৱা অথবা প্রেম মানেই কামনা–বাসনা৷ পিছে প্রেমত বাসনা কেনে হোৱা উচিত, সেয়া আমাক কৈ গৈছে খলিল জিব্রানে এনেদৰে– ‘প্রেমত পৰিলেই তোমাৰ যদি বাসনাৰ প্রয়োজন, তেনেহ’লে এইবিলাকেই তোমাৰ বাসনা হওক– গলি যাবলৈ আৰু নিশাৰ কাণত সুৰ যোগোৱা বোৱঁতী জুৰিটিৰ দৰে হ’বলৈ৷ অতিশয় আলফুলীয়া চেনেহৰ বেদনা উপলব্ধি কৰিবলৈ৷ নিজৰ প্রেমৰ উপলব্ধিৰে আহত হ’বলৈ, আৰু স্বেচ্ছাৰে আৰু আনন্দৰে তেজেৰে তুমৰলি হ’বলৈ৷ দোকমোকালিতে সাৰ পাই উঠি আৰু এটা প্রেমভৰা দিন লাভ কৰাৰ বাবে ধন্যবাদ যাচিবলৈ৷ দুপৰীয়া বিশ্রামৰ সময়ত সমাধিস্থ হৈ প্রেমৰ পুলক ধ্যান কৰিবলৈ৷ গধূলি কৃতজ্ঞ চিত্তৰে ঘৰলৈ উভতি আহিবলৈ, আৰু প্রেমাস্পদৰ কাৰণে হিয়াত প্রার্থনা আৰু ওঁঠত প্রশংসা গীতিৰে টোপনি যাবলৈ৷’
দশৰথ মাঝিৰ বাবে ভালপোৱা এনেকুৱাই আছিল চাগে’৷ সেয়ে তেওঁ ভালপোৱা জীয়াই ৰাখিবলৈ পাষাণ পাহাৰ কাটি উলিয়াইছিল বাট– ভালপোৱাৰ বাট৷ যি বাটে এতিয়াও যেন কৈ থাকে নীৰৱে– ভালপোৱাৰ শক্তিক ভেটিবলৈ কোনো পাহাৰৰ চূডা নাই, সামৰি থ’বলৈ আকাশ নাই, উৰুৱাই নিবলৈ বতাহ নাই৷ মৰমে চপচপীয়া কৰি ৰখা বুকুত অহৰহ বাজি থাকে ভালপোৱাৰ সুহুৰি৷

You might also like