ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ আগষ্ট : ৰাজ্য চৰকাৰে দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা গ্রহণ কৰাৰ পাছতো গা লৰা নাই একাংশ দুর্নীতিগ্রস্ত কর্মচাৰীৰ৷ চৰকাৰী ঘোষণাক অংগুষ্ঠ প্রদর্শন কৰি চকুৰ সন্মুখতে একাংশ চৰকাৰী কর্মচাৰীয়ে উৎকোচৰ নামত সাধাৰণ ৰাইজক নগুৰ-নাগতি কৰি আহিছে৷ কাম কৰি দিয়াৰ বাবদ সাধাৰণ ৰাইজৰ পৰা উৎকোচ গ্রহণ কৰি আজি পুনৰ হাত দাঙিলে এগৰাকী চৰকাৰী লাট মণ্ডলে৷ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী ৰাজহ চক্রৰ অধীনৰ চক্র বিষয়া কার্যালয়ৰ দুর্নীতিগ্রস্ত মণ্ডলজন হৈছে অচ্যুৎ দাস৷ ভুক্তভোগীৰ পৰা ৫০০০ টকা কাম কৰি দিয়াৰ বাবদ আজি দিনৰ ভাগত উৎকোচ লৈ থকা অৱস্থাতে দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাই হাতে–লোটে গ্রেপ্তাৰ কৰিলে ধৃত লাট মণ্ডল অচ্যুৎ দাসক৷ দুর্নীতি নিবাৰকৰ এটি সূত্রৰ পৰা জানিব পৰা মতে দুর্নীতিগ্রস্ত লাট মণ্ডল অচ্যুৎ দাসে কাম কৰি দিয়াৰ বাবদ ৯ হাজাৰ টকা এজন লোকৰ পৰা উৎকোচ দাবী কৰিছিল৷ পৰৱর্তী পর্যায়ত ৮ হাজাৰ টকাৰ বিনিময়ত লোকজনক বিচৰা কামটো কৰি দিবলৈ মান্তি হয় লাট মণ্ডল দাসে৷ সেই মর্মে ভুক্তভোগী লোকজনে দুর্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ত এটা গোচৰ ৰুজু কৰাৰ পাছতেই কর্মচাৰীজনক হাতে–লোটে কৰায়ত্ত কৰিবলৈ পৰিকল্পনা ৰচে অসম আৰক্ষী৷ সেই মর্মে আজি দিনৰ ১.৪০ বজাত ৫ হাজাৰ টকা উৎকোচ লৈ থকা সময়তে হাতে–লোটে গ্রেপ্তাৰ কৰে লাট মণ্ডল দাসক৷ পৰৱর্তী সময়ত তদন্তকাৰী বিষয়াই অভিযুক্ত লাট মণ্ডলজনৰ পেণ্টৰ জেপৰ পৰাও অতিৰিক্তভাৱে ৯,৫০০ টকা জব্দ কৰে৷ উল্লেখ্য যে দীর্ঘদিন ধৰি গুৱাহাটী ৰাজহ চক্রৰ কার্যালয়ক সোণৰ কণী পৰা হাঁহত পৰিণত কৰি আহিছিল লাট মণ্ডল দাসে৷ বিচৰা ধন আদায় নিদিলে মাহেকৰ পাছত মাহ ধৰি পেলাই থৈছিল গুৰুত্বপূর্ণ কাম–কাজবোৰ৷ পূর্বে বহুকেইগৰাকী ভুক্তভোগীয়ে লাট মণ্ডলজনৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পাছতো কোনোধৰণৰ ব্যৱস্থা চৰকাৰীভাৱে কর্তৃপক্ষই নোলোৱাত অতিষ্ঠ হৈ একাংশ ভুক্তভোগীয়ে দুর্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ দ্বাৰস্থ হয়৷ সেই মর্মে আজি জালত পৰিল দুর্নীতিপৰায়ণ কর্মচাৰীজন৷ দুর্নীতি নিবাৰকে এই সন্দর্ভত ৬৫/২০২৩ নম্বৰৰ এটা গোচৰ ৰুজু কৰি দুর্নীতিগ্রস্ত কর্মচাৰীজনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে৷
Prev Post