আমাৰ কটন, প্রাণৰ কটন
- অৰূপ কলিতা
সেই পাণবজাৰ, আমাৰ পাণবজাৰ৷ স্মৃতিৰ নিয়ৰ ফালি, সংকোচৰ সকলো কুঁৱলী ঠেলি যেতিয়াই মন যায় গুচি যাব পাৰোঁ আমাৰ পাণবজাৰলৈ, আমাৰ চিৰচিনাকি পাণবজাৰলৈ৷ আগষ্টৰ ঘর্মাক্ত দুপৰীয়াবোৰত, নৱেম্বৰৰ সেমেকা সন্ধিয়াবোৰত অথবা জানুৱাৰীৰ শীতে কাবু কৰা ৰাতিপুৱাবোৰত আমাক ছাঁ দিছিল, উম দিছিল এই পাণবজাৰে৷ আৰু আমি ৰৈ আছিলোঁ ছাৰ হেনৰি কটনে দি যোৱা অমৰ উপহাৰৰ বোকোচাত৷ যাৰ নাম কটন কলেজ, আজিৰ কটন বিশ্ববিদ্যালয়৷ পাণবজাৰত কৰা ভুলবোৰৰ বাবে, পাণবজাৰৰ প্রতিটো মুহূর্তৰ অপচয়ৰ বাবে কাৰো কোনো আফচোচ নাই৷ সুযোগ পালেই, সময় মিলিলেই আকৌ আমি একেবোৰ ভুল কৰিবলৈ উদ্ধত হৈ উঠিম৷ কাৰণ আমি জানো, উভতি চালেই দেখোঁ– আমাৰ সকলো ভুলৰ মার্জনা আছে পাণবজাৰত৷ এই পাণবজাৰতেই আমি এক হৈছিলোঁ, কেতিয়াবা শত্রুৰ দৰে যুঁজিছিলোঁ আৰু অৱসৰত স্বগতোক্তিৰ দৰে আওৰাইছিলোঁ– পৃথিৱীত যদি ক’ৰবাত স্বর্গ আছে, সেই স্বর্গ কটন কলেজ৷ য’লৈ সাউদৰ পুতেক আহে, দৰিদ্রতম ঘৰখনৰ সন্তানো আহে৷ সকলোৱে লিখে নিজৰ কাহিনী নিজৰ ধৰণে৷ যিবোৰ কাহিনীত সকলো নিজেই নায়ক অথবা খলনায়ক৷ আৰু এদিন বেডিং বান্ধি, হাতত এখন ভাল নাইবা বহুত বেয়া মার্কশ্বীট লৈ সকলোৱে পাণবজাৰৰ পৰা বিদায় লয়, লগত লৈ যায় এটাই পৰিচয়– আমি কটনিয়ান৷ কটনে আমাক প্রাপ্তিত উলাহে নধৰাকৈ স্ফূর্তি কৰিবলৈ শিকাইছে, দুর্যোগত খুপি খুপি বুলিবলৈ বাট দেখুৱাই দিছে৷
সেয়া আমাৰ কাহিনী, কটনিয়ানৰ কাহিনী৷ কিন্তু আজিৰ কটনৰ খবৰ ৰাখিছেনে?
১২০ বছৰ পুৰণি কটন সম্প্রতি বার্ধক্যত জর্জৰিত৷ দাঁত সৰিছে, চুলি পকিছে, মুখৰ হনু ওলাই গৈছে৷ বৃদ্ধ বয়সত নিঃসংগ আৰু নিঃস্ব হৈ পৰা এজন জমিদাৰৰ দৰে৷ যি কেৱল পুৰণি আভিজাত্যক লৈ গর্ব কৰি জীয়াই আছে৷ আচলতে তেওঁৰ এতিয়া আৰু গর্ব কৰিবলৈ একোৱেই নাই৷ যি কটন অমৰ হোৱাৰ কথা আছিল, চিৰকাল চিৰ ওঠৰৰ সৈতে প্রেমত মচগুল হৈ থকাৰ কথা আছিল, সেই কটন আজি শৰশয্যাত৷ কোনোবাই শেষ টোপাল পানী মুখত ঢ়ালি দিব– কটন এতিয়া তাৰেই অপেক্ষাত৷ বিধ্বস্ত এখন সাম্রাজ্যৰ দৰে ছেদেলি–ভেদেলি হৈ পৰিছে পাণবজাৰ৷পৰাক্রমী শত্রুৰ আক্রমণত যেন জহি গৈছে ছেকেণ্ড মেছ, থার্ড মেছৰ শৌর্য–বীর্য ৷
আজিকালি উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ দিনটোত চাৰিওফালৰ পৰাই নিজম পৰি ৰয় কটন বিশ্ববিদ্যালয়৷ আক্ষৰিক অর্থতেই নিমাওমাও হৈ ৰয় কটনৰ চৌহদ৷ হঁাহি–খিকিন্দালি নাই, উল্লাস ভৰা চিঞৰ নাই, গর্বিতজনক আকাশলৈ দলিয়াই দিয়া চিৰ চিনাকি ফটোখন নাই, আনকি অসন্তুষ্টিয়ে ওন্দোলাই অনা এখন মুখো দেখিবলৈ নাথাকে৷ পাঁচ হাজাৰ ছাত্র–ছাত্রী আছে, পাঁচ হাজাৰ যৌৱন আছে, অথচ বার্ধক্যই কুঁজা কৰি আনিছে কটন বিশ্ববিদ্যালয়ক ৷
স্বাভাৱিকতে বিতর্ক হয়, সমালোচনা হয়– কটনৰ ফলাফলক লৈ৷ আগতে সমালোচনা হৈছিল– কটনৰ ছাত্র–ছাত্রীয়ে কিয় প্রথম স্থান নাপালে, আজি সমালোচনা হয়– কিয় এটাও স্থান নাপালে…৷ কাইলৈ হয়তো এনে কোনো সমালোচনাৰ কোনো স্থানেই নাথাকিব৷ যদি উচ্চতৰ মাধ্যমিক শাখাটোৱেই নাথাকে, সমালোচনাৰ অৱকাশো নাথাকিব৷
আপুনি কটনক ভাল পায়, কটনৰ পৰা আশা কৰে, সেইবাবেই কটনৰ পৰা ঈপ্সিত ফলাফল নাপালে খং উঠে, মনত দুখ পায়৷ কিন্তু কটনক মনত পেলোৱাৰ সময় ফলাফলৰ দিনটোৱে নেকি? বাকী বছৰৰ ৩৬৪টা দিন কটনিয়ানসকল কি সুখত আছে, কি দুখত আছে খবৰ ৰাখেনে?
শতাধিক শিক্ষকৰ পদ খালী, একোটা শ্রেণীকোঠাত ১৫০জনলৈকে ছাত্র–ছাত্রী, শিক্ষকৰ অভাৱত নৈশ শাখাৰ ক্লাছ আৰম্ভ হয় দুপৰীয়া ২ বজাৰ পৰা৷ খবৰ ৰাখেনে আপুনি? হোষ্টেলবোৰ জৰাজীর্ণ, খাদ্যৰ নামত অখাদ্য, চৌহদ বুলিবলৈ একো নাই– দেখিছেনে আপুনি? ভাল খাদ্য, সঠিক পৰিৱেশ অবিহনে আপোনাৰ সন্তানটিয়ে ভাল ৰিজাল্ট কৰিব বুলি আপুনি আশা কৰেনে? যদি নকৰে, কটনৰ পৰা, কটনিয়ানৰ পৰা কেনেকৈ আশা কৰে?
কটন কেৱল কটনিয়ানৰ নহয়, কটন কেৱল কটন পৰিয়ালৰ নহয়, কটন অসমৰ প্রথমখন উচ্চ শিক্ষাৰ অনুষ্ঠান৷ ৰাজহুৱা শিক্ষা সংকুচিত হৈ অহা সময়ত কটনেই শিৰ উন্নত কৰি থিয় হৈ আছিল৷ সেই কটন আজি বার্ধক্যত জর্জৰিত, মৃত্যুৰ দুৱাৰডলিত সংকটৰ শেষ সময় গণিছে৷ সামান্য পৰিচর্যা আপোনাৰ পৰাও নিবিচাৰেনে বাৰু? নে দূৰৈৰ পৰা অলপ সহানুভূতি দেখুৱাই এয়া কৃতকর্মৰ ফলাফল বুলি আপুনি আঁতৰি যাব বিচাৰিছে?
উচ্চতৰ মাধ্যমিকলৈ আপুনি বহুত অফাৰ পাব, বহুত প্রতিশ্রুতি পাব– আপোনাৰ সন্তানটিক জিলিকাই তোলাৰ৷ কিন্তু তাৰ পিছত? তাৰ পিছত যদি কটনেই নাথাকে, আপুনি কাৰ কাষ চাপিব? আপোনাৰ সন্তানক লাখ টকাৰে প্রাইভেট ইউনিভার্ছিটীত এডমিছন দিব পাৰিব জানো? আছে আপোনাৰ সামর্থ্য? ইমান সামর্থ্যৱান হয় জানো আপুনি?
সকলো ঠিকেই থাকিব, যেতিয়ালৈকে বিপদত পৰি কেঁকাবলগীয়া নহ’ব৷ এদিন যেতিয়া দুর্যোগৰ বান আহি আপোনাৰ চোতাল পাব, সংকটৰ আন্ধাৰে আপোনাৰ দুৱাৰ নমনা কৰিব– কি কৰিব, কাৰ হাতত ধৰিব? আকৌ কটনেই আপোনাৰ সাৰথি হৈ থিয় দিব লাগিব৷বানে অসম ধুই নিছে– পাণবজাৰত কটনিয়ানৰ তৎপৰতাৰ অন্ত নাই৷ দিনে নিশাই ঘূৰিছে– বজাৰে–সমাৰে, অফিচ–কাছাৰীয়ে, সাহায্য সংগ্রহ কৰিছে আৰু কঢ়িয়াই নিছে দুর্গতজনৰ ওচৰলৈ৷ হাস্পতালত আত্মীয় চিকিৎসাধীন, জৰুৰীভাৱে তেজৰ প্রয়োজন– দেখিব, অচিনাকিজনৰ ওচৰতো সহূদয়তাৰে থিয় দিছে কটন হোষ্টেলৰ বদনামী ল’ৰাবোৰ৷ আৰু সিদিনা জাতিটোৰ সংকটকালত যেতিয়া বেছিভাগ জাতীয় নেতাই আপোচৰ পথ ল’লে, আঞ্চলিকতাবাদৰ হোতাসকলে দিল্লীত গৈ নিজক বিক্রীৰ বিজ্ঞাপন দিলে, তেতিয়াওতো জাতিটোৰ শেষ আশা হৈ থিয় দিলে কটনিয়ানসকলেই৷ নিজৰ ভৱিষ্যৎ তুচ্ছ কৰি, কেৰিয়াৰ বিপন্ন কৰি গঢ়ি তুলিলে সর্বশেষ প্রতিৰোধ সংগ্রামখন৷ সেইবাবেই যুগ যুগ ধৰি বেছিভাগ সময়তে বহুতৰ বাবে কটন হৈ ৰয় চকুৰ কুটা দাঁতৰ শাল৷ কাৰণ কটনে আপোচ কৰিবলৈ নিশিকায়, কটনে আত্মসমর্পণৰ পথ নেদেখুৱায়, কটন সদায় যুঁজি যোৱাৰ পক্ষত৷
কটনে আজি নিজেও নিজৰ বাবে জীৱন–মৰণ যুঁজ দি আছে৷ সঁচাকৈ, পৰিচয় আৰু অস্তিত্বৰ সংকটত ভুগিছে আজিৰ কটন৷ আপোনাৰ সামান্য মনোযোগ অবিহনে, সামান্য পৰিচর্যা অবিহনে ৰাজহুৱা শিক্ষাৰ এই সুউচ্চ আলোকস্তম্ভটিও লাহে লাহে নির্বাপিত হৈ আহিব৷ তাৰ পিছৰছোৱা আপুনি নিজেই কল্পনা কৰি চাওক…৷ আজিৰ পাণবজাৰত থিয় হৈ হূদয়ৰ পৰা বিচাৰোঁ কটন চিৰদিন, চিৰকাল অপ্রতিদ্বন্দ্বী হৈ উজলি ৰওক৷ আমাৰ সকলোৰে প্রাণৰ কটন অমৰ হওক, কিন্তু মস্তিষ্কই যেন বাৰে বাৰে সকীয়াই দিয়ে– সঠিক আৰু সময়োপযোগী পৰিচর্যা অবিহনে কটন শীঘ্রেই এক স্মাৰকত পৰিণত হ’ব৷ ফলে–ফুলে এখন জাতিষ্কাৰ ফুলনি জহি যোৱা দেখিও আপুনি কি নীৰৱে হাত সাবটি ৰৈ থাকিব? কটন কেৱল কটনিয়ানৰ নহয়, কটন কেৱল কটন পৰিয়ালৰ নহয়, কটন জাতিটোৰ বাবেই এক আশা আৰু গর্বৰ নাম৷ প্রতিটো বিপদৰ মুহূর্তত কটন জাতিটোৰ পক্ষত থিয় দিছে আৰু আজি কটনৰ বিপদৰ মুহূর্তত সেই ঐতিহ্যৰ ওচৰত থিয় হোৱাটোও এক জাতীয় দায়িত্ব হিচাপেই বিবেচিত হোৱা উচিত৷ এই গভীৰ সংকটৰ মুহূর্তত সমালোচনা নহয়, কটনক লাগে আপোনাৰ সামান্য সহায় আৰু সাহস৷