চন্দ্ৰযান ৩ৰ অৱতৰণৰ লাইভ সম্প্ৰচাৰ সামাজিক মাধ্যমত
বিশেষ বাৰ্তা, ২১ আগষ্ট : ইতিহাসৰ দুৱাৰডলিত থিয় দিছে ভাৰত। সকলো ঠিকে থাকিলে বুধবাৰে সন্ধিয়া ভাৰতৰ চন্দ্ৰযান ৩ৰ লেণ্ডাৰ ‘বিক্ৰম’-এ চৰাইৰ পাখিৰ দৰে কোমলভাৱে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব । চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব চন্দ্ৰযান ৩-এ । দেওবাৰে চন্দ্ৰ স্পৰ্শ কৰাত ৰাছিয়াৰ লুনা-২৫ বিফল হয়। ৰাছিয়াৰ মহাকাশযান লুনা-২৫ চন্দ্ৰত দুৰ্ঘটনাগ্ৰস্ত হয়। চন্দ্ৰৰ দক্ষিণ মেৰুত কেতিয়াও কোনো দেশৰ মহাকাশযান সফলতাৰে অৱতৰণ কৰা নাই। ফলত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ বাবে চন্দ্ৰ অভিযানটো এক কৌতূহলৰ বিষয় হৈ পৰিছে। চন্দ্ৰযান ৩ৰ লেণ্ডাৰ ‘বিক্ৰম’ বৰ্তমান চন্দ্ৰপৃষ্ঠৰ নিচেই ওচৰত। দেওবাৰে ৰাছিয়াৰ হতাশাৰ খবৰ ৰাজহুৱা হোৱাৰ কিছু সময়ৰ পূৰ্বে ইছৰোৱে এটা টুইটযোগে চন্দ্ৰযান-৩ৰ অৱতৰণৰ সময় ঘোষণা কৰে। দেওবাৰে ইছৰ’ই টুইট কৰি কয় যে বুধবাৰে সন্ধিয়া ৬:০৪ বজাত ভাৰতীয় মহাকাশযানখনে চন্দ্ৰত অৱতৰণ কৰিব। চন্দ্ৰযান ৩ৰ লেণ্ডিং ইছৰ’ৰ ৱেবছাইট isro.gov.in, ফেচবুকত facebook.com/ISRO, ইউটিউবত youtube.com/watch?v=DLA_64yz8Ss…ত লাইভ সম্প্ৰচাৰ কৰা হ’ব। মাজত মাত্ৰ এদিন। বুধবাৰে সন্ধিয়া ৫.২৭ বজাৰ পৰা এই সম্প্ৰচাৰ আৰম্ভ হ’ব।