নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০১৪ৰ আগত দেশক গ্ৰাস কৰিছিল দুৰ্নীতি-কেলেংকাৰিয়ে : মোদী

বিশেষ বাৰ্তা, ২১ আগষ্টঃ বিৰোধীক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আজি ভূপালৰ চি এম ৰেইজ গৱৰ্নমেণ্ট মহাত্মা গান্ধী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱনিযুক্ত শিক্ষকৰ প্ৰশিক্ষণসহ অৰিয়েণ্টেচন কাৰ্যসূচীত ভাষণ দিয়ে। এই সময়ত তেওঁ বিৰোধীক লক্ষ্য কৰি কয় যে ২০১৪ চনৰ আগতে দেশত বৃহৎ পৰিসৰত কেলেংকাৰি আৰু দুৰ্নীতি সংঘটিত হৈছিল। এই সময়ছোৱাত মাথোঁ দেশত আছিল দুৰ্নীতি-কেলেংকাৰি। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “২০১৪ চনৰ আগৰ সময়খিনি দেশৰ জনসাধাৰণে পাহৰিব নোৱাৰে। কেলেংকাৰি আৰু দুৰ্নীতি সেই সময়ত বৃহৎ পৰিসৰত সংঘটিত হৈছিল। আনহাতে আজি দুখীয়াৰ নিজৰ অংশৰ ধন পোনপটীয়াকৈ বেংক একাউণ্টত সোমাইছে। আয়কৰ ৰিটাৰ্ণৰ প্ৰতিবেদনৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “দেশৰ নাগৰিকে কৰ দিবলৈ আগবাঢ়ি আহিছে। এইবাৰ দাখিল কৰা আই টি ৰিটাৰ্ণৰ প্ৰতিবেদনে ৯ বছৰৰ ভিতৰত গড় আয় বৃদ্ধি হোৱাৰ ইংগিত দিয়ে। জনসাধাৰণে জানে যে তেওঁলোকৰ কৰ দেশৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হৈছে।” তেওঁৰ ভাষণত তেওঁ কয়, “অমৃত কালৰ প্ৰথম বছৰৰ পৰা ইতিবাচক প্ৰতিবেদন ওলাবলৈ আৰম্ভ কৰিছে, যিয়ে বৃদ্ধি পোৱা সমৃদ্ধি আৰু হ্ৰাস পোৱা দৰিদ্ৰতা দেখুৱাইছে।

You might also like