নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋণত ককবকাইছে ছানী দেউলে : বাংলো নিলাম স্থগিত বেংকৰ

বিশেষ বাৰ্তা, ২১ আগষ্টঃ ছানী দেউলৰ ছবি ‘গডৰ-২’ৰ সফলতাৰ মাজতে অভিনেতাগৰাকীৰ বাংলোৰ সৈতে জড়িত বাতৰি চৰ্চালৈ আহিছিল যিয়ে সকলোকে আচৰিত কৰি তুলিছিল। এফালে ছানী দেউলৰ ছবিখনে ৪০০ কোটি টকা উপাৰ্জন কৰিবলৈ ওলাইছে, আনফালে খবৰটো আছিল যে অভিনেতাগৰাকী কোটি টকাৰ ঋণত আছে, যাৰ বাবে মুম্বাইত তেওঁৰ ৫৫ কোটি টকাৰ বাংলোটো নিলাম হ’বলৈ ওলাইছিল। অৱশ্যে শেহতীয়া আপডেট অনুসৰি অভিনেতাগৰাকীৰ বাংলো এতিয়া নিলাম হোৱা নাই। এই সকলোবোৰ খবৰৰ মাজতে ছানি দেওলৰ সম্পত্তিত এবাৰ চকু ফুৰাওঁ আহক। খবৰ অনুসৰি ছানী দেউলৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৩০ কোটি টকা। আনহাতে আয়ৰ কথা ক’বলৈ গ’লে অভিনেতাসকলে এখন চিনেমাৰ বাবে প্ৰায় ৫ৰ পৰা ৬ কোটি টকা লয়। যদিও ছানীয়ে গডৰ-২ৰ বাবে মাচুল বৃদ্ধি কৰিছে। এই ছুপাৰহিট ছবিখনৰ বাবে অভিনেতাজনে ২০ কোটি টকা লয়। ছানী দেউলৰ এই বাংলোটো অতি বিলাসী। ইয়াত পাৰ্কিঙৰ পৰা আৰম্ভ কৰি ছুইমিং পুল, চিনেমা হল, হেলিপেড আৰু জিৰণিলৈকে সকলো সুবিধা আছে। ইয়াৰ উপৰি বাংলোটোত ভাল বাগিচাৰ ঠায়ো আছে। তথ্য অনুসৰি ‘গডৰ-২’ত ২০ কোটিৰ বিপুল মাচুল লোৱা ছানী দেউলৰ প্ৰায় ৫৩ কোটি টকাৰ ঋণ। লোকসভা নিৰ্বাচনৰ সময়ত দিয়া সম্পত্তিৰ সবিশেষত এই কথা প্ৰকাশ কৰিছে অভিনেতাজনে নিজেই। ইয়াত অভিনেতাজনে কয় যে তেওঁৰ পত্নী পূজা দেউল আৰু তেওঁৰ প্ৰায় ৫৩ কোটি টকাৰ ঋণ আছে। ইয়াৰ লগতে প্ৰায় ১ কোটি টকাৰ জি এছ টিও তেওঁৰ ওপৰত বাকী আছে। অভিনেতাজনে বেংকৰ পৰা ঋণ লৈ বাংলোটো কিনিছিল। এই ঋণ ছানী দেউলে বেংক অৱ বৰোদাৰ পৰা ঋণ লৈ মুম্বাইত নিজৰ বিলাসী বাংলোটো কিনিবলৈ লোৱাৰ সময়ত লোৱা হৈছিল। সেই ঋণ পৰিশোধ কৰিব লগা হৈছিল অভিনেতাজনে ৫৫.৯৯ কোটি টকাৰ সুতৰে। কিন্তু ছানীয়ে এই ঋণ পৰিশোধ কৰা নাছিল যাৰ বাবে তেওঁৰ বাংলোটো নিলামৰ কথা প্ৰচাৰ হৈছিল, যিটো এতিয়া হোৱা নাই। ইয়াৰ পূৰ্বে বেংক অৱ বৰোদাই এখন বাতৰিকাকতত ছানী দেউলৰ বাংলোটোৰ বিষয়ে জাননী জাৰি কৰি ২৫ ছেপ্টেম্বৰত নিলাম কৰা হ’ব বুলি উল্লেখ কৰিছিল। অৱশ্যে এতিয়া বেংকে কিছু কাৰিকৰী কাৰণত এই জাননী প্ৰত্যাহাৰ কৰিছে।

You might also like