নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

বিশেষ বাৰ্তা, ২২ আগষ্ট : মন্ত্ৰী পীযুষ হাজৰীকাই আজি বিশ্বনাথত উপস্থিত হৈ বিশ্বনাথ ঘাটৰ পৰা পাণপুৰলৈ থকা ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ কুমলীয়া নামৰ স্থানত বিগত কিছুদিন ধৰি হৈ থকা নদী খহনীয়া পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিভাগীয় কামৰ প্ৰত্যক্ষ তদাৰক কৰে। অঞ্চলটোত শেহতীয়া কিছুদিন ধৰি খহনীয়াৰ সৃষ্টি হৈ কাষৰীয়া ৰাইজক শংকিত কৰি ৰাখিছিল। বিষয়টো জলসম্পদ মন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাক তৎপৰতাৰে কাম কৰি খহনীয়া ৰোধৰ বাবে ব্যৱস্থা লবলৈ নিৰ্দেশনা দিছিল। মন্ত্ৰীগৰাকীৰ নিৰ্দেশত বিভাগে দিনে ৰাতিয়ে কাম কৰি খহনীয়াৰোধৰ কাম কৰি আছে। জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু আতিৰিক্ত মুখ্য আভিযন্তাই দুদিন ধৰি বিশ্বনাথত বাহৰ পাতি খহনীয়া ৰোধৰ কামৰ তদাৰক কৰি আছে। আজি মন্ত্ৰী হাজৰীকাই চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ সৈতে অঞ্চলটোত উপস্থিত হৈ খহনীয়া ৰোধৰ কামৰ বুজ লয়। উল্লেখ্য যে ইতিমধ্যেই ইয়াত শক্তিশালী প্ৰতিৰোধৰ বাবে ১০ হাজাৰ জিঅ’ বেগ পেলাই কাম কৰি থকা হৈছে। আজিৰ পৰিদৰ্শনকালত মন্ত্ৰী হাজৰীকাই উপস্থিত সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে বিশ্বনাথ ঘাটৰ পৰা পানপুৰলৈকে ব্যাপ্ত মথাউৰিটোৰ যিসমূহ অংশত খহনীয়াই অধিক প্ৰভাৱিত কৰিছে সেই অঞ্চলসমূহ শীঘ্ৰে বহল আৰু শক্তিশালী কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনহাতে বিভাগীয় যি তৎপৰতাৰে বৰ্তমানে খহনীয়াৰোধৰ কাম কৰি থকা হৈছে তেনে অৱস্থাত অঞ্চলটোত সোনকালে খহনীয়া ৰোধ কৰিবলৈ সক্ষম হ’ব পৰা যাব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। বিশ্বনাথৰ পৰা গুৱাহাটীলৈ উভতাৰ পথত জলসম্পদ মন্ত্ৰীগৰাকীয়ে শোণিতপুৰ জিলাৰ কলীয়াভোমোৰা দলঙৰ তলত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলৰ ভোমোৰাগুৰি বনখণ্ড বিষয়াৰ কাৰ্যালয়ৰ সমূখৰ প্ৰায় ১৫০ মিটাৰ অংশত হৈ থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ লয়। পৰ্য্যটনৰ যথেষ্ট অৱকাশ থকা এই স্থানত খহনীয়া ৰোধৰ বাবে প্ৰকল্প গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাক নিৰ্দেশনা প্ৰদান কৰে।

You might also like