নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিজিলেঞ্চৰ জালত পৰা ধুবুৰীৰ মৃণালকান্তি সৰকাৰক চাকৰিৰ পৰা বৰ্খাস্ত

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ তদৰকী কোষৰ জালত পৰা ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ৰ অতিৰিক্ত জিলা আঁচনি বিষয়া মৃণালকান্তি সৰকাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ে এক নিৰ্দেশনা যোগে সৰকাৰক চাকৰিৰ পৰা বৰ্খাস্ত (terminate) কৰিছে। স্মৰ্তব্য যে ২১ জুলাইত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটি দলৰ অভিযানত ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) বিশ্বজিৎ গোস্বামীকে ধৰি দলটোৰ জালত পৰিছিল বিষয়াগৰাকীৰ উৎকোচৰ বেহাৰ আন এগৰাকী সহযোগী তথা কাৰ্যালয়টোৰ অতিৰিক্ত জিলা আঁচনি বিষয়া মৃণালকান্তি সৰকাৰো। উল্লেখ্য যে, বিশ্বজিৎ গোস্বামীক ইতিমধ্যে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like