চন্দ্রপৃষ্ঠত বিক্রমৰ অৱতৰণৰ মুহূর্তত শিশুৰ জন্ম
🔹 ওড়িশাত ৪ নৱজাতকৰ নাম ৰখা হ’ল ‘চন্দ্রযান’
বিশেষ বাৰ্তা, ২৪ আগষ্ট : ভাৰতৰ মহাকাশযান চন্দ্রযান–৩য়ে চন্দ্রপৃষ্ঠ স্পর্শ কৰাৰ সময়তে ওড়িশাৰ কেন্দ্রাপড়াত জন্ম হৈছে কেইবাটাও শিশু৷ দেশৰ চন্দ্র অভিযানৰ সফলতাৰ বাবে এই শিশুসকলৰ নাম ‘চন্দ্রযান’ ৰখাৰ সিদ্ধান্ত ল’লে পিতৃ–মাতৃয়ে৷ চন্দ্রৰ মাটিত চন্দ্রযান–৩ৰ লেণ্ডাৰ বিক্রমৰ অৱতৰণৰ সময়ত চাৰিটা শিশুৰ জন্ম হৈছে কেন্দ্রাপড়াৰ জিলা হাস্পতালত৷ ইয়াৰ ভিতৰত এটি কন্যা শিশুও আছে৷ চন্দ্রযানে চন্দ্রৰ মাটি স্পর্শ কৰাৰ মুহূর্তত সন্তান জন্ম দি গর্বিত এই চাৰি শিশুৰ মাতৃ৷ এক সদ্যোজাতৰ পিতৃ প্রভাৱ মল্লিকে কয় যে চন্দ্রযানে অৱতৰণ কৰাৰ পিছ মুহূর্ততে সন্তানটিৰ জন্ম হৈছে৷ গতিকে সন্তানটোৰ নাম ৰখা হ’ব চন্দ্রযান৷ অন্য তিনিগৰাকী মহিলাই জন্ম দিয়া সন্তানসকলৰ নামো ‘চন্দ্রযান’ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে৷ মহাকাশত ভাৰতৰ ইতিহাস সৃষ্টিৰ মুহূর্ত সজীৱ কৰি ৰাখিবলৈ এনেদৰে সন্তানৰ নাম চন্দ্রযান ৰখাৰ সিদ্ধান্ত লোৱা হৈছে বুলি সন্তানসকলৰ পিতৃ–মাতৃসকলে সংবাদ মাধ্যমক জনাইছে৷ ইতিমধ্যে বিষয়টোক লৈ ওড়িশাৰ সংবাদ মাধ্যমত চলিছে চর্চা৷