নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰ হিংসাৰ চিবিআইৰে জড়িত গোচৰৰ শুনানি চলিব গুৱাহাটীত- ছুপ্ৰিম ক’ৰ্ট

বিশেষ বাৰ্তা, ২৫ আগষ্ট : চিবিআয়ে তদন্ত চলাই থকা মণিপুৰৰ হিংসা সম্পৰ্কীয় গোচৰৰ শুনানি চলিব অসমৰ গুৱাহাটীত। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে সেই গোচৰসমূহৰ বিচাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিম্ন আদালত মনোনীত কৰাৰ দায়িত্ব প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ে কয় যে গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ৰিমাণ্ড, হিংসাৰ অভিযোগত অভিযুক্ত ব্যক্তি আৰু সাক্ষীসকলৰ শুনানিও গুৱাহাটীত অনুষ্ঠিত হ’ব। অৱশ্যে শাৰীৰিক উপস্থিতিৰ লগতে ভাৰ্চুৱেল শুনানিও চলি থাকিব পাৰে বুলি উচ্চতম ন্যায়ালয়ে জনায়। ইয়াৰ বাবে প্ৰয়োজনীয় ইণ্টাৰনেট সেৱাৰ ব্যৱস্থা কৰিবলৈ মণিপুৰ চৰকাৰক নিৰ্দেশ দিয়া হৈছে। প্ৰসংগক্ৰমে মণিপুৰৰ কংপোকপিত দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথত সমদল উলিওৱাৰ ভিডিঅ’ আৰু দলবদ্ধ নিৰ্যাতনৰ অভিযোগৰ ওপৰত ২০ জুলাইত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল উচ্চতম ন্যায়ালয়ে। ইয়াৰ পিছতে ৮ আগষ্টত মণিপুৰৰ হিংসাৰ তদন্ত আৰু হিংসাৰ বলি হোৱা লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ ওপৰত নজৰ ৰাখিবলৈ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ তিনিগৰাকী অৱসৰপ্ৰাপ্ত মহিলা ন্যায়াধীশৰ এখন সমিতি গঠন কৰে।

 

You might also like