মোদীলৈ ‘দ্য গ্রেণ্ড ক্রছ অৱ দ্য অর্ডাৰ অৱ অনাৰ’ গ্রীচৰ ৰাষ্ট্রপতিৰ
বিশেষ বাৰ্তা, ২৫ আগষ্ট : দক্ষিণ আফ্রিকাৰ জোহান্সবার্গত ব্রিকছ সন্মিলন সামৰি আজি গ্রীচৰ এথেন্সত প্রধানমন্ত্রী নৰেন্দ্র মোদী উপস্থিত হয় ৷ গ্রীচ আৰু ভাৰতৰ বন্ধুত্বক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে প্রধানমন্ত্রী মোদীয়ে আজি এদিনীয়া কার্যসূচীৰে এথেন্সত উপস্থিত হয়৷ গ্রীচত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীক দেশখনৰ সর্বোচ্চ সন্মান ‘দ্য গ্রেণ্ড ক্রছ অৱ দ্য অর্ডাৰ অৱ অনাৰ’ৰে সন্মানিত কৰে ৰাষ্ট্রপতি কেটেৰিনা ছাকেল্লাৰোপোলোই ৷ ভাৰতৰ প্রতি সন্মান জনাই প্রধানমন্ত্রী মোদীক এই সন্মান প্রদান কৰা হৈছে বুলি ৰাষ্ট্রপতিগৰাকীয়ে প্রকাশ কৰিছে৷ উল্লেখ্য যে ১৯৭৫ চনত এই সন্মানটি প্রতিষ্ঠা কৰা হয়৷ এই সন্মানটি গ্রীচৰ ৰাষ্ট্রপতিৰ পৰা প্রধানমন্ত্রী, বিশিষ্ট ব্যক্তিসকলক তেওঁলোকৰ বিশিষ্ট সেৱাৰ বাবে প্রদান কৰা হয়৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীকো তেওঁৰ বিশিষ্ট সেৱাৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে৷ সন্মান গ্রহণ কৰি প্রধানমন্ত্রী মোদীয়ে গ্রীচৰ ৰাষ্ট্রপতিক ধন্যবাদ জ্ঞাপন কৰি কয়– মই ৰাষ্ট্রপতি কেটেৰিনা ছাকেল্লাৰোপোলোক ধন্যবাদ জনাইছোঁ৷ এই সন্মানেৰে মোক সন্মানিত কৰা বাবে গ্রীচ চৰকাৰ আৰু দেশখনৰ জনগণকো ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ এই সন্মানে গ্রীচৰ নাগৰিকৰ ভাৰতৰ প্রতি শ্রদ্ধাক প্রতিফলিত কৰিছে৷ মন কৰিবলগীয়া যে প্রথমবাৰৰ বাবে গ্রীচ ভ্রমণ কৰা প্রধানমন্ত্রী মোদীয়ে দেশখনৰ ৰাষ্ট্রপতি, প্রধানমন্ত্রী আৰু বিভিন্ন খণ্ডৰ বিশিষ্ট ব্যক্তিৰ সৈতে বিভিন্ন আলোচনাত মিলিত হ’ব৷