🔹 আয়ুসে সৃষ্টি কৰা উদ্যোগীকৰণৰ সুযোগ গ্রহণৰ আহ্বান মুখ্যমন্ত্রী ড০ শর্মাৰ
🔹 আয়ুসৰ লক্ষ্য আধুনিক ঔষধৰ সৈতে পৰম্পৰাগত ঔষধ উদ্ভাৱন, একত্রিত কৰা– সোণোৱাল
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ আগষ্ট : সমগ্র দেশতে চিকিৎসাৰ ক্ষেত্রত আয়ুস ব্যৱস্থাক মূলসুঁতিলৈ অনাৰ লগে লগে যিবোৰ সুযোগৰ সৃষ্টি হৈছে, তাক মূলধন হিচাপে লৈ উত্তৰ–পূবৰ নতুন প্রজন্মই তথা যুৱক–যুৱতীসকলে আয়ুস খণ্ডই আগবঢ়োৱা উদ্যোগীকৰণৰ সুযোগ লওক৷- আজি এই আহ্বান জনালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রগৰাকীয়ে ইয়াকো কয় যে বর্তমান ৪০ হাজাৰতকৈও অধিক অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগে আয়ুস সম্পর্কীয় সামগ্রী উৎপাদনৰ সৈতে জড়িত হৈ আছে৷ এনে সামগ্রীৰ চাহিদা ক্রমান্বয়ে বৃদ্ধি পোৱাৰ ফলত এই খণ্ডত এনে ধৰণৰ আৰু অধিক উদ্যোগ স্থাপনৰ সুযোগৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে ৰাষ্ট্রীয় আয়ুস মিছন, অসম আৰু ৰাজ্যৰ স্বাস্থ্য–পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ ভিভাণ্টা হোটেলৰ চৌহদত প্রথমবাৰৰ বাবে আয়োজিত আয়ুস সম্পর্কীয় উত্তৰ–পূবৰ ৰাজ্যসমূহৰ আঞ্চলিক পর্যালোচনা বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে উত্তৰ-পূবৰ ৰাজ্যসমূহে দেশৰ অন্যান্য প্রান্তৰ লোকসকলৰ বাবে আয়ুর্বেদ, যোগ, প্রাকৃতিক চিকিৎসা, ইউনানি আৰু হোমিঅ’পেথী আদি পদ্ধতিসমূহৰ জৰিয়তে অপৰিসীম অৰিহণা যোগাব পাৰে৷ আয়ুর্বেদ, যোগ আৰু অন্যান্য পদ্ধতিসমূহৰ বর্তমানৰ প্রাসংগিকতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে জনসাধাৰণৰ চিকিৎসা আৰু সুস্বাস্থ্যৰ দিশত আয়ুসৰ গুৰুত্ব ক্রমান্বয়ে বৃদ্ধি পাইছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চিকিৎসা আৰু ঔষধৰ ক্ষেত্রত পৰম্পৰাগত ব্যৱস্থাটোক শক্তিশালী কৰাৰ লগতে শৈক্ষিক, আন্তঃগাঁথনিৰ বিকাশ আৰু গুণগত মান অক্ষুণ্ণ ৰখাৰ বাবে ৰাষ্ট্রীয় আয়ুস অভিযান আৰম্ভ কৰিছিল৷ প্রধানমন্ত্রী মোদীৰ বাবে আমাৰ আয়ুস সামগ্রীৰ বজাৰ এতিয়া সাত গুণ বৃদ্ধি পাইছে৷ ২০১৪ চনত এই বজাৰ ২০ কোটি টকাৰ আছিল৷ আৰু আজি ১,৫০,০০০ কোটিতকৈও অধিক হৈছে৷ আজি আন্তঃৰাষ্ট্রীয় পর্যায়ত আয়ুসে বিভিন্ন দেশৰ পৰা স্বীকৃতি লাভ কৰিবলৈ আৰম্ভ কৰিছে৷ আন্তঃৰাষ্ট্রীয় যোগ দিৱসৰ দৰে পদক্ষেপে সমগ্র বিশ্বৰ জনসাধাৰণক প্রাচীন ভাৰতীয় যোগ পৰম্পৰাৰ অনুশীলনৰ সৈতে জড়িত স্বাস্থ্যৰ বাবে উপকাৰী বিষয়সমূহৰ ক্ষেত্রত সজাগতা বৃদ্ধিৰ ক্ষেত্রতো অৰিহণা যোগাইছে৷ মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত কয়– উত্তৰ–পূব অর্থনৈতিকভাৱে উপযোগী উদ্ভিদ আৰু ঔষধি গুণ থকা বনৌষধিৰ ভঁৰাল৷ এই অঞ্চলটোত আঠখন ৰাজ্যই কেৰালাৰ দৰে আয়ুস খণ্ডত সফলতা লাভ কৰাৰ বাবে চেষ্টা কৰিব লাগিব৷ ইয়াৰ দ্বাৰা পর্যটন আৰু আতিথ্য খণ্ডৰ বিকাশৰ দিশত অৰিহণা যোগাব পৰা যায়৷ সমান্তৰালভাৱে অঞ্চলটোত অধিক কর্মসংস্থাপনৰ সুযোগৰো সৃষ্টি হ’ব৷ আয়ুস চিকিৎসকসকলে প্রায়ে ৰোগীক এলোপেথিক ঔষধ দিয়া প্রৱণতাৰ বিষয়টোত উদ্বেগ প্রকাশ কৰি মুখ্যমন্ত্রীয়ে কয় যে বিভিন্ন গৱেষণাৰ জৰিয়তে প্রমাণিত হৈছে যে পৰম্পৰাগত পদ্ধতিৰ চিকিৎসা যেনে– আয়ুর্বেদ, যোগ, প্রাকৃতিক চিকিৎসা আদি অতি ফলপ্রসূ৷ এল’পেথিক ঔষধ ব্যৱহাৰৰ ফলত সততে দেখা পোৱা পার্শ্বক্রিয়া ভাৰতীয় পৰম্পৰাগত চিকিৎসা পদ্ধতিত দেখা পোৱা নাযায়৷ মুখ্যমন্ত্রীয়ে আগন্তুক সময়ছোৱাত উত্তৰ–পূবৰ ৰাজ্যসমূহ আয়ুসৰ অন্যতম হটস্পট হিচাপে আত্মপ্রকাশ কৰিব বুলিও আশা প্রকাশ কৰে৷ অনুষ্ঠানত উপস্থিত থাকি কেন্দ্রীয় আয়ুস মন্ত্রী সর্বানন্দ সোণোৱালে কয়– উত্তৰ–পূব ভাৰতত আয়ুস চিকিৎসা ব্যৱস্থাত প্রচাৰ আৰু প্রসাৰৰ দিশত আজি আমি কৰা আলোচনা অধিক ফলপ্রসূ হৈছে৷ সমগ্র অঞ্চলটোত আয়ুস চিকিৎসাৰ প্রসাৰৰ ক্ষেত্রত আমি অগ্রগতি লাভ কৰিছোঁ৷ আয়ুসৰ লক্ষ্য আধুনিক ঔষধৰ সৈতে পৰম্পৰাগত ঔষধ উদ্ভাৱন, একত্রিত কৰা৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে উত্তৰ–পূব ভাৰতৰ সকলো ৰাজ্যকে আহ্বান জনাই কয় যে ৰাজ্যসমূহৰ সকলো আগশাৰীৰ ৰাজ্যিক চিকিৎসালয়ত, ১৯খন এইমছত আটাইকেইখনতে আয়ুস বিভাগ স্থাপন কৰি আয়ুস খণ্ডক শক্তিশালী কৰি তোলা হওক৷ তেওঁ কয়– উত্তৰ-পূব ঔষধি গুণসম্পন্ন তথা মূল্যৱান উদ্ভিদৰ এক বিশাল ভঁৰাল৷ সেয়েহে পৰম্পৰাগত চিকিৎসা পদ্ধতিক অধিক উন্নীত কৰি অঞ্চলটোৰ বাবে আয়ুস নেতৃত্বাধীন অর্থনৈতিক কেন্দ্র গঢ়ি তুলিব পাৰোঁ৷ আজিৰ অনুষ্ঠানত আয়ুস দপ্তৰৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ড০ মঞ্জুপাৰা মহেন্দ্রভাই কালুভাই, অসমৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, মণিপুৰৰ স্বাস্থ্যমন্ত্রী ডাঃ স্বপন ৰঞ্জন সিন্হা, ছিকিমৰ স্বাস্থ্যমন্ত্রী কুংগানিমা লেপচা, অৰুণাচলৰ মুখ্যমন্ত্রী আলো লিবাং, ত্রিপুৰাৰ বিত্তমন্ত্রী প্রাণজিৎ সিং ৰায়, মিজোৰামৰ স্বাস্থ্যমন্ত্রী ড০ আৰ লালথাং লিয়ানাৰ লগতে বহু শীর্ষ বিষয়া উপস্থিত থাকে৷