নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রলৈ যাব মহিলা মহাকাশচাৰী ক্রিষ্টিনা

বিশেষ বাৰ্তা, ২৬ আগষ্ট : ভাৰতে চন্দ্রৰ দক্ষিণ মেৰুলৈ চন্দ্রযান–৩ প্রেৰণ কৰি ইতিহাস সৃষ্টি কৰাৰ পিছত এইবাৰ বিশ্ববাসীৰ নজৰ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ ওপৰত৷ কাৰণ প্রথমবাৰলৈ কোনো মহিলা মহাকাশচাৰীক চন্দ্রলৈ পঠিয়াব নাছাই৷ ১৯৬৯ চনত প্রথমবাৰৰ বাবে চন্দ্রৰ মাটিত ভৰি ৰাখিছিল মহাকাশচাৰী নীল আমষ্ট্রঙে৷ আমষ্ট্রঙৰ পিছতে একেলগেই চন্দ্রপৃষ্ঠ স্পর্শ কৰিছিল এডুইন এলড্রিনে৷ ১৯৭২ চনত এপল’–১৭ৰ কমাণ্ডাৰ ইউজিন ছার্নানে চন্দ্রৰ মাটিত খোজ কাঢ়িছিল৷ কিন্তু এওঁলোক সকলো আছিল পুৰুষ মহাকাশচাৰী৷ ২০২৪ৰ নৱেম্বৰ মাহত ‘নাছা’ই চন্দ্রলৈ প্রেৰণ কৰিব ক্রিষ্টিনা হামোক ক’চ নামৰ মহিলাগৰাকীক৷ গতিকে, নাছাৰ ওপৰত এতিয়া সমগ্র বিশ্ববাসীৰ নজৰ৷

You might also like