নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোপনীয় তথ্যৰ সৈতে কলকাতাত এজনক গ্রেপ্তাৰ

🔹 পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি
বিশেষ বাৰ্তা, ২৬ আগষ্ট : পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত বিহাৰৰ এজন লোকক কলকাতা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ কলকাতা আৰক্ষীয়ে প্রকাশ কৰা মতে, বিহাৰৰ এজন লোকে হাওৰাত বাস কৰি থাকি কোৰিয়াৰ চার্ভিছ কোম্পানীত কাম কৰি থকা অৱস্থাতে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ তথ্য লাভ কৰে আৰক্ষীয়ে৷ গোপন তথ্যৰ আধাৰত কলকাতা আৰক্ষীয়ে অভিযান চলাই হাওৰাৰ পৰা বিহাৰৰ লোকজনক গোপনীয় তথ্যসহ গ্রেপ্তাৰ কৰে৷ দেশৰ স্পর্শকাতৰ অঞ্চলৰ আলোকচিত্র, ভিডিঅ’, অনলাইন চ্যাটসহ অনেক তথ্য ধৃত লোকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে৷ এই তথ্যসমূহ লোকজনে পাকিস্তানলৈ প্রেৰণ কৰি অহা বুলিও আৰক্ষীয়ে প্রকাশ কৰিছে৷ পাকিস্তানী চোৰাংচোৱাৰ হৈ কাম কৰি থকা বিহাৰৰ লোকজনক কেইবাঘণ্টা ধৰি জেৰাৰ অন্তত অনেক বিস্ফোৰক তথ্য পোহৰলৈ আনিবলৈ সক্ষম হৈছে আৰক্ষী ৷ ভাৰতীয় নিৰাপত্তাৰ প্রতি পাকিস্তানী চোৰাংচোৱা সংস্থাই ভাৰতত এজেণ্ট হিচাপে নিয়োগ কৰি থকা লোকসকলে ভাবুকিৰ সৃষ্টি কৰি আহিছে৷ কলকাতাত এনে লোকক গ্রেপ্তাৰ কৰাৰ পিছতে আৰু বহুতো গোপন তথ্য লাভ কৰাৰ সম্ভাৱনা আছে৷

You might also like