নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত ফটকা কাৰখানাত বিস্ফোৰণ : ৭জনৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ২৭ আগষ্ট : দেওবাৰে পুৱা পশ্চিমবংগৰ এটা অবৈধ ফটকা কাৰখানাত সংঘটিত বৃহৎ বিস্ফোৰণত কমেও ৭জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনাত কেইবাজনো আহত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে কয় যে এই বিস্ফোৰণ ইমানেই শক্তিশালী যে ইয়াৰ ফলত অঞ্চলটোৰ কেইবাটাও অট্টালিকাৰ ক্ষতিসাধন হয়। তথ্য অনুসৰি দেওবাৰে উত্তৰ ২৪ পৰগনা জিলাৰ এটা আৱাসিক এলেকাত সংঘটিত হয় এই বিস্ফোৰণ। উত্তৰ ২৪ পৰগনা জিলাৰ নীলগঞ্জ অঞ্চলৰ নাৰায়ণপুৰত সংঘটিত হয় এই বিস্ফোৰণ। ৰাজধানী কলকাতাৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান দূৰত বিস্ফোৰণ সংঘটিত হয়। তথ্য মতে, আৰক্ষীয়ে সেই স্থানৰ পৰা পাঁচটা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন দুজনৰ চিকিৎসালয়ত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। কিছু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থাকিব পাৰে বুলি আশংকা কৰা হৈছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত স্থানীয় ৰাইজে জানিবলৈ দিয়ে যে নীলগঞ্জ অঞ্চলত পুৱা প্ৰায় ১০.৪০ বজাত দুমহলীয়া ঘৰৰ ভিতৰত বিস্ফোৰণ সংঘটিত হয়। অবৈধভাৱে এটা ঘৰৰ পৰাই ফটকা কাৰখানাটো চলাইছিল বুলি দাবী কৰিছে স্থানীয় ৰাইজে। শেহতীয়াকৈ কেইবাটাও বিস্ফোৰণৰ ঘটনাৰ ফলত ৰাজ্য চৰকাৰে নতুন নীতি ঘোষণা কৰিছে, যাৰ অধীনত কেৱল উদ্যোগিক কেন্দ্ৰতহে আতচবাজী নিৰ্মাণ কৰিব পৰা যাব। এই হাবসমূহ স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

You might also like