হাংগেৰীৰ অনুৰাগীৰ অনুৰোধ প্ৰত্যাখ্যান স্বৰ্ণজয়ী নীৰজ চোপ্ৰাৰ
🔹 ‘আই কেন নট ছাইন ইট অন ইণ্ডিয়ান ফ্লেগ’
বিশেষ বাৰ্তা, ২৮ আগষ্ট : বুডাপেষ্টত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৩ত ভাৰতীয় জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই এক ইতিহাস সৃষ্টি কৰে। প্ৰতিযোগিতাখনত নীৰজে নিজৰ উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াই ৮৮.১৭ মিটাৰ থ্ৰ’ৰে স্বৰ্ণ পদক লাভ কৰে। নীৰজে এই অসাধাৰণ প্ৰদৰ্শনেৰে কেৱল সোণৰ পদক লাভ কৰাই নহয়, বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। সোণৰ পদক জয় কৰাৰ পিছত বিজয়োল্লাসৰ সময়ত হাংগেৰীৰ এগৰাকী মহিলা অনুৰাগীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত নীৰজ চোপ্ৰাৰ অটোগ্ৰাফ বিচাৰিছিল। কিন্তু নীৰজ চোপ্ৰাই অনুৰাগীগৰাকীৰ অনুৰোধ প্ৰত্যাখ্যান কৰে। নীৰজে তেওঁৰ অনুৰোধ অস্বীকাৰ কৰি কয়- ‘মই পতাকাত চহী কৰিব নোৱাৰোঁ।’ নীৰজ চোপ্ৰাই ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি থকা সন্মান আৰু দেশপ্ৰেমৰ বাবে অনুৰাগীগৰাকীৰ অনুৰোধ ৰক্ষা নকৰিলে। নীৰজ চোপ্ৰাই মহিলাগৰাকীক কয়- ‘I Cannot Sign It On Indian Flag’। নিজৰ জন্মভূমিৰ পতাকাখনৰ প্ৰতি সন্মান জনাই পতাকাখনত চহী কৰিবলৈ আলফুলে অস্বীকাৰ কৰে নীৰজে। অৱশ্যে ভাৰত-গৌৰৱ স্বৰ্ণজয়ী জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই হাংগেৰীৰ অনুৰাগীগৰাকীক নিৰাশ নকৰি ভদ্ৰ মহিলাগৰাকীৰ টি-ছাৰ্টত অটোগ্ৰাফ প্ৰদান কৰে। নীৰজৰ এই দেশপ্ৰেমে সমগ্ৰ ভাৰতবাসীৰ লগতে তেওঁৰ অগণন অনুৰাগীৰ হৃদয় চুই যায়।