চন্দ্রপৃষ্ঠত গাঁত অতিক্রমি নতুন পথেৰে গতি প্রজ্ঞানৰ
বিশেষ বাৰ্তা, ২৯ আগষ্ট : চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠত প্রজ্ঞানৰ পাঁচ দিন উকলিল৷ যোৱা ২৩ আগষ্টত ইতিহাস সৃষ্টিৰে চন্দ্রযান–৩ৰ বিক্রম লেণ্ডাৰে মসৃণ অৱতৰণ কৰাৰ কেইঘণ্টামান পাছতে বিক্রমে বুকুত কঢ়িয়াই লৈ যোৱা ৰ’ভাৰ প্রজ্ঞানক চন্দ্রপৃষ্ঠত অৱতৰণ কৰায়৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰ’ৱে চন্দ্রপৃষ্ঠত বিক্রম আৰু প্রজ্ঞানৰ অগ্রগতি টুইটযোগে প্রচাৰ কৰি আছে৷ কালি ইছৰ’ৱে প্রকাশ কৰা মতে, চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠত প্রজ্ঞানৰ অভিযানৰ ১০ দিন বাকী আছে৷ বিৰামহীন গতিৰে চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠত যিমান পাৰি সিমানখিনি দূৰত্ব প্রজ্ঞানৰ জৰিয়তে সাঙুৰি লোৱাৰ লক্ষ্য লোৱা হৈছে৷ এই সময়ছোৱাত প্রজ্ঞানৰ দ্বাৰা চন্দ্রপৃষ্ঠৰ ৰহস্য উদ্ঘাটনত গুৰুত্ব দিয়া হৈছে৷ চন্দ্রপৃষ্ঠত পানীৰ অৱস্থিতিৰ লগতে ভৌগোলিক অৱস্থান আৰু বিৱর্তন সন্দর্ভত প্রজ্ঞানে তথ্য সংগ্রহ অভিযানত নামি পৰিছে৷ ইছৰ’ৱে প্রজ্ঞানৰ আলোকচিত্র প্রচাৰ কৰি কৈছে– ২৭ আগষ্ট, ২০২৩ত ৰ’ভাৰ প্রজ্ঞানে চন্দ্রপৃষ্ঠত ৪ মিটাৰ ব্যাসৰ গাঁতৰ সন্মুখীন হৈছে আৰু সেই স্থানৰ পৰা প্রজ্ঞানৰ পথ সলনি কৰি সুৰক্ষিতভাৱে নতুন পথত আগবঢ়াই লৈ যোৱা হৈছে৷ ইছৰ’ৰ মুৰব্বী এছ সোমনাথে প্রকাশ কৰা মতে, নির্ধাৰিত পৰিকল্পনা মতে প্রজ্ঞানে চন্দ্রৰ পৃষ্ঠত সঞ্চালন কৰি আছে৷ সকলো সঠিক দিশে আগবাঢ়িছে৷ পৰৱর্তী কেইদিনমানৰ ভিতৰতে সকলোবোৰ সংগ্রহ কৰাৰ সম্ভাৱনা আছে৷ অহা ১০ দিনৰ ভিতৰত প্রজ্ঞানে চন্দ্রপৃষ্ঠৰ সকলো ৰহস্য উদ্ঘাটনৰ তথ্য সংগ্রহ কৰিব৷ চন্দ্রৰ সবাতোকৈ আকর্ষণীয় শ্রেষ্ঠ আলোকচিত্র তোলা হৈছে৷ ছয় চকাযুক্ত ৰ’ভাৰৰ জৰিয়তে দক্ষিণ মেৰুৰ যথাসম্ভৱ দূৰত্ব অতিক্রম কৰিব৷ উল্লেখ্য যে চন্দ্রপৃষ্ঠত ৰ’ভাৰ প্রজ্ঞানৰ আয়ুসকাল এটা দিন৷ কিন্তু পৃথিৱীৰ মতে ১৪ দিন৷ এই অভিযানটোৰ বাবে মাত্র ১৪ দিনৰ সময় আছে৷ ইতিমধ্যে চন্দ্রপৃষ্ঠত বিক্রম আৰু ৰ’ভাৰে ৫ দিন সম্পূর্ণ কৰিছে৷ অহা ৯ দিনৰ ভিতৰত অধিক পৰীক্ষণ আৰু গৱেষণা আমাৰ বাবে গুৰুত্বপূর্ণ৷ চন্দ্রপৃষ্ঠত ৰ’ভাৰৰ যাত্রা অতি কঠিন৷ প্রতিদিনে ৩০ মিটাৰকৈ দূৰত্ব অতিক্রম নির্ধাৰণ কৰা হৈছে যদিও প্রজ্ঞানে কেৱল ১২ মিটাৰহে সাঙুৰি ল’ব পাৰিছে৷ চন্দ্রপৃষ্ঠত কিছু সেৱা নথকাৰ বাবে ৰ’ভাৰ প্রজ্ঞানৰ সঞ্চালনত জটিলতাৰ সন্মুখীন হৈছোঁ৷ এই সমস্যাসমূহৰ ভিতৰত দৃশ্যমানৰ বিষয়টো অতিকে জটিল হৈ আছে৷ ইছৰ’ৱে প্রকাশ কৰা মতে, বাকী থকা দিনকেইটাত প্রজ্ঞানৰ দ্বাৰা ৩০০–৪০০ মিটাৰ দূৰত্ব অতিক্রমেৰে বিভিন্ন পৰীক্ষা–নিৰীক্ষা চলোৱাৰ লক্ষ্য লোৱা হৈছে৷ আনপিনে, বিক্রমে নির্ধাৰণ কৰা ধৰণে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে৷