নিম্নগামী জন্মৰ হাৰত উদ্বিগ্ন চীনৰ অভিনৱ পদক্ষেপ
🔹 ২০-২৫ বছৰীয়া কইনাক কৰিব পুৰস্কৃত
🔹 শিশুৰ চিকিৎসা আৰু শিক্ষাৰ খৰচো ৰেহাই
বিশেষ বাৰ্তা, ২৯ আগষ্ট : যদি কইনাৰ বয়স ২৫ বছৰ বা তাৰ তলৰ হয়, তেন্তে পুৰস্কাৰ প্ৰদান কৰা হ’ব! চীনৰ এখন প্ৰদেশে যুৱক-যুৱতীসকলক কম বয়সতে বিবাহ কৰিবলৈ উৎসাহিত কৰাৰ উদ্যোগ লৈছে। চীনত জন্মৰ হাৰ হ্ৰাস পাইছে। ইয়াৰ ফলত ঝি জিনপিঙৰ চৰকাৰৰ উদ্বেগ বৃদ্ধি পাইছে। জন্মৰ হাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে যাতে যুৱক-যুৱতীসকলে কম বয়সতে বিবাহপাশত আবদ্ধ হয়। চাংছান প্ৰদেশত এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰা হৈছে। জাননীখনত উল্লেখ কৰা হৈছে যে উপযুক্ত বয়সত বিবাহপাশত আবদ্ধ হৈ সন্তান জন্ম দিয়া দম্পতীক এই বঁটা প্ৰদান কৰা হ’ব। কেৱল সেয়াই নহয়, শিশুৰ চিকিৎসা আৰু শিক্ষাৰ খৰচো ৰেহাই দিয়া হ’ব। চীনত পুৰুষৰ বিবাহৰ বয়সৰ সীমা ২২ বছৰ। মহিলাৰ বাবে এই বয়সৰ সীমা ২০ বছৰ। যোৱা ছয় দশকত চীনৰ জনসংখ্যা অভূতপূৰ্বভাৱে হ্ৰাস পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জিনপিং প্ৰশাসনে জন্মৰ হাৰ হ্ৰাসৰ উদ্বেগ দূৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।