নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁও-লাহৰীঘাটত ৪০খন বিদ্যালয়ত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী

🔹 পানীৰ কবলত ৮ হাজাৰ পৰিয়াল

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট : মথাউৰি নিৰ্মাণ কৰি বানপানীৰ পৰা মৰিগাঁও জিলাক ৰক্ষা কৰিছে যদিও ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে মথাউৰিৰ বাহিৰৰ নৈপৰীয়া অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰিছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত নৈপৰীয়া ভূৰাগাঁও আৰু লাহৰীঘাট অঞ্চলৰ ৪০খন বিদ্যালয় বুৰ গৈছে। যাৰ ফলত এই বিদ্যালয়সমূহত পাঠদান ব্যাহত হৈ আছে। ইয়াৰ উপৰি ভূৰাগাঁও আৰু লাহৰীঘাটৰ চৰ-চাপৰিকে ধৰি নৈপৰীয়া ৫৭খন গাঁও বাঢ়নী পানীৰ কবলত পৰিছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কবলত পৰি পাঠদান ব্যাহত হোৱা বিদ্যালয়সমূহ হ’ল ভূৰাগাঁও হৰিচৰণ সৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বালিডোংগা লাল বাহাদুৰ শাস্ত্ৰী মাধ্যমিক বিদ্যালয়, জাপৰী মাধ্যমিক বিদ্যালয়, গমলু প্ৰাথমিক বিদ্যালয়, জেংপৰি প্ৰাথমিক বিদ্যালয়, বৰালিমাৰী মধ্য ইংৰাজী বিদ্যালয়, হিন্দু জাপৰী প্ৰাথমিক বিদ্যালয় আৰু টেঙাগুৰি কছাৰী গাঁও প্ৰাথমিক বিদ্যালয়, পূব বৰুৱাটিং প্ৰাথমিক বিদ্যালয়, পূব বালিডোংগা মধ্য ইংৰাজী বিদ্যালয়, দূৰাবান্ধি প্ৰাথমিক বিদ্যালয়, পূব বৰালিমাৰী প্ৰাথমিক বিদ্যালয় আৰু বৰডোৱাটুপ প্ৰাথমিক বিদ্যালয়কে ধৰি ৪০ খন বিদ্যালয়। ইফালে, এই বাঢ়নী পানীত চৰ-চাপৰিকে ধৰি ৫৭ খন ৰাজহ গাঁও ক্ষতিগ্ৰস্ত হৈছে। আনহাতে, ৭৬৯৫টা পৰিয়ালৰ ৫১,৮৭৬জন লোক এই বাঢ়নী পানীত কবলত পৰিছে। ভূৰাগাঁও আৰু বৰালিমাৰীৰ নৈপৰীয়া ৰাইজৰ অভিযোগ মতে, জিলা জলসম্পদ বিভাগে অপৰিকল্পিতভাৱে মথাউৰি নিৰ্মাণ কৰাৰ ফলত এইবাৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত অধিক বিদ্যালয় আৰু চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ৰাইজৰ ক্ষতিসাধন হৈছে।

প্ৰেৰক আবুল কালাম

You might also like