নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুৎ বিভাগৰ প্ৰতিকৃতি দাহ মৰিগাঁও আছুৰ

বাৰ্তা বুৰো,  ২ ছেপ্টেম্বৰ : ৰাজ্যৰ অকৰ্মণ্য বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি আজি সন্ধিয়াৰ ভাগত মৰিগাঁও সদৰ আছুৱে চহৰখনৰ মাজমজিয়াত বিদ্যুৎ বিভাগৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ সভাপতি ঘণেন্দ্ৰ বৰা আৰু সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি বৰ্মনৰ নেতৃত্বত সন্ধিয়াৰ ভাগত ৰূপায়ণ কৰা প্ৰতিকৃতি দাহ কাৰ্যসূচীত ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি সদৰ আছুৰ সভাপতি ঘণেন্দ্ৰ বৰা আৰু সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি বৰ্মনে কয় যে অসম চৰকাৰে ২৪ ঘণ্টাই ৰাইজক বিজুলী যোগান ধৰিম বুলি কৈ শাসনত অধিষ্ঠিত হৈছিল। উৎকট গৰম আৰু ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ মাজতে দিনে-নিশাই বিদ্যুৎ যোগানৰ ক্ষেত্ৰত লুকাভাকুত ছাত্ৰ-ছাত্ৰী তথা ৰাইজ অতিষ্ঠ হৈ পৰিছে। বিদ্যুৎ যোগান নিয়মীয়া কৰিব নোৱাৰা ৰাজ্যৰ অকৰ্মণ্য বিদ্যুত মন্ত্ৰী নন্দিতা গাৰ্লোছাক পদত্যাগ কৰিবলৈ দাবী জনায়। ইপিনে, মৰিগাঁও চহৰৰ মাজমজিয়াত আজি সন্ধিয়াৰ ভাগত ৰূপায়ণ কৰা বিদ্যুৎ বিভাগৰ প্ৰতিকৃতি দাহ কাৰ্যসূচীত সদৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে শতাধিক সদস্যই অংশগ্ৰহণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

প্ৰেৰক প্ৰাঞ্জল দাস

 

 

You might also like